চৰকাৰী কৰ্মচাৰীসকলৰ সামাজিক মাধ্যম ব্যৱহাৰক লৈ নতুন আইন আনিলে বিহাৰ চৰকাৰে৷ এই প্ৰসংগত নিৰ্দেশিকাও জাৰি কৰা হৈছে৷ কেৱল সেয়াই নহয়, কিয় চৰকাৰী কৰ্মচাৰীয়ে সামাজিক মাধ্যমৰ ব্যৱহাৰ খুবেই সীমিতভাৱে কৰিব পাৰিব তাৰো বাখ্যা দিছে নীতিশ চৰকাৰে৷
সামাজিক মাধ্যম ব্যৱহাৰৰ নিয়মক লৈ মন্ত্ৰিসভাই অনুমোদনো দিছে৷ এয়া কেৱল কাৰ্যকৰ কৰাৰহে অপেক্ষা৷ এই নিয়ম যেনেকৈ তলৰ স্তৰৰ কৰ্মীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য তেনেকৈ ঊৰ্ধ্বতন অধিকাৰীসকলেও এই নিয়ম অনুসৰণ কৰিব লাগিব বুলি জনোৱা হৈছে৷ নতুন নিৰ্দেশিকা অনুসৰি কোনো সামাজিকমাধ্যমত একাউণ্ট খুলিবলৈ গলে সংশ্লিষ্ট দফতৰৰ পৰা অনুমতি ল’ব লাগিব কৰ্মচাৰীসকলে৷ কোনো ভুৱা একাউণ্ট বা অন্য নামত একাউণ্ট খুলিব নোৱাৰিব কোনো চৰকাৰী কৰ্মচাৰীয়ে৷
নিৰ্দেশনাত লগতে কোৱা হৈছে ব্যক্তিগত কোনো পোষ্ট কৰাৰ সময়তো কৰ্মীজনে তেওঁৰ পদমৰ্যাদা অৰ্থাৎ তেওঁ কোন পদত কৰ্মৰত সেয়াও উল্লেখ কৰিব নোৱাৰিব৷ ইয়াৰোপৰি চৰকাৰৰ লগ অথৱা সেই সংক্ৰান্তিয় কোনো প্ৰতীক ব্যৱহাৰ কৰিব নোৱাৰিব৷ কৰ্মীসকলক পৰামৰ্শ দিয়া হৈছে যে সামাজিকমাধ্যমত ব্যক্তিগত কোনো পোষ্ট কৰাৰ সময়ত তেওঁলোকে যেন অফিচিয়েল ইমেইল আই ডি আৰু চৰকাৰী কোনো ফোন নম্বৰ তাত উল্লেক নকৰে৷
কি ধৰণৰ পোষ্ট কৰিব পাৰিব চৰকাৰী কৰ্মচাৰীয়ে?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















