আমেৰিকাৰ সাগৰীয় উপকূলত উদ্ধাৰ হৈছে এটা পচি যোৱা ছালৰ এক অদ্ভুত ৰহস্যময়ী সাগৰীয় প্ৰাণী। চ’ছিয়েল মিডিয়াৰ এজন ইউজাৰ ক্ৰীষ্টিন টিলটছনে ৰেডিটত পোষ্ট কৰা ছবিবোৰত দেখা গৈছে যে বেজীৰ দৰে দাঁত থকা এটা জীৱ শিলৰ স্তূপৰ ওপৰত মৃত অৱস্থাত পৰি আছে। শৰীৰৰ অংগবোৰ প্ৰায় খোলা হৈ পৰি থকা এই ৰহস্যময়ী জীৱটোৰ ছালখন পচি যোৱাৰ দৰে দেখা গৈছে। ক্ৰীষ্টিন টিলছনে প্ৰকাশ কৰা মতে এই ৰহস্যময়ী অদ্ভুত জীৱটো অৰগেন ব্ৰুকিংছ মিল বিচত দেখা পাইছিল৷
টিলছনে ছচিয়েল মিডিয়া পোষ্টটো শ্বেয়াৰ কৰাৰ পিছৰে পৰা ভাইৰেল হৈ পৰিছে। ফ’টোসমূহত মন্তব্য কৰি বহু ব্যৱহাৰকাৰীয়ে ই কি হ’ব পাৰে তাৰ অনুমান কৰিছে।
এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘‘মই ভাবো ইয়াৰ নাম Aaaaagh!’’ আন এজন ব্যৱহাৰকাৰীয়ে অনুমান কৰি কয় যে ই এটা বিপজ্জনক পহুৰ ইল হ’ব পাৰে! কোৱা হয় যে উলফ ইল উত্তৰ প্ৰশান্ত মহাসাগৰীয় অঞ্চলত পোৱা যায়। কিন্তু তৃতীয়জন ব্যৱহাৰকাৰীয়ে জনোৱা মতে, ইলৰ দাঁত ইমান ডাঙৰ নহয় আৰু লিংকোডে দৈনিক দাঁত সলনি কৰা বুলি জনা যায়। ইহঁতৰ দাঁতৰ ৰেখাবোৰ সৰু হোৱা দেখিবলৈ পোৱা যায়।
লগতে পঢ়ক এইসকল লোকে ভুলতো নহৰু নাখাব, নহ’লে স্বাস্থ্য অৱনতি ঘটিব পাৰে!
নিউজ উইকৰ মতে, ক্ৰীষ্টিন টিলটছনে হাড় সংগ্ৰহ কৰা এটা গোট আৰু ৰেডিটৰ এটা সাগৰীয় জীৱবিজ্ঞানী গোটেও এই কথাত একমত হৈছে যে এই অদ্ভুত জীৱটো হৈছে মাংকিফেচ প্ৰিকলবেক ইল (Monkeyface Prickleback Eel)৷ অৰ্থাৎ ই এক প্ৰকাৰৰ ইলেই।
টিলটছনে কয়, ‘‘যেতিয়া মই প্ৰথম দেখিছিলো, তেতিয়া মই উত্তেজিত আৰু বিভ্ৰান্ত হৈ পৰিছিলো। কিবা ওলাল নেকি চাবলৈ মই সাগৰৰ পাৰত খোজ কাঢ়ি ভাল পাওঁ৷ সেয়া জীৱ-জন্তুই হওক বা খোলাই হওক। মই ইয়াক বৰ আকৰ্ষণীয় বুলি ভাবিলো, কাৰণ দেখাত কেতিয়াও আগতে দেখা কোনো মাছৰ দৰে নহয়। দেখাত গভীৰ সাগৰীয় জীৱবোৰৰ ভিতৰত এটা যেন লাগিছিল।’’
লগতে পঢ়ক আমাজনৰ পৰা ডিৰাকলৈ সম্পদ লুণ্ঠনৰ একেই কাহিনী…
আউটলেটটোৰ মতে, বান্দৰ সদৃশ মুখৰ প্ৰিকলবেক ইল, যাক সাধাৰণতে Monkeyface Prickleback Eel বুলিও কোৱা হয়, ই উত্তৰ আমেৰিকাৰ প্ৰশান্ত মহাসাগৰীয় উপকূলৰ থলুৱা প্ৰজাতিৰ জীৱ। অৰেগনৰ পৰা বাজা কেলিফৰ্ণিয়া আৰু মেক্সিকোলৈকে শিলৰ ৰিফৰ বাসস্থানত ইহঁতক পোৱা যায়।
অদ্ভুত ৰূপৰ বাবে ইহঁতক বান্দৰমুখৰ ইল (monkeyface eels) বুলি কোৱা হয়। এই ইলিৰ মূৰৰ ওপৰত এটা ডাঙৰ গোট থাকে, যিটো বান্দৰৰ নাকৰ দৰে দেখা যায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ