• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগুৱাই গৈয়ো ক’ত ৰৈ গ’ল নতুন অসমীয়া ছবি ‘এমুঠি পুঠি‘?

আগুৱাই গৈয়ো ক’ত ৰৈ গ’ল নতুন অসমীয়া ছবি ‘এমুঠি পুঠি‘?

4 years ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

13 minutes ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

31 minutes ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

1 hour ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

2 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

2 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

3 hours ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

4 hours ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

4 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

6 hours ago
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

6 hours ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

7 hours ago
চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

আগুৱাই গৈয়ো ক’ত ৰৈ গ’ল নতুন অসমীয়া ছবি ‘এমুঠি পুঠি‘?

editor by editor
June 23, 2022
in চিনেমা
0
আগুৱাই গৈয়ো ক’ত ৰৈ গ’ল নতুন অসমীয়া ছবি ‘এমুঠি পুঠি‘?
0
SHARES
831
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰিমলী বৰকটকী :  চিনেমাৰ নামটিয়ে মাছৰ কথাকে সূচাইছে আৰু হয়ো এমুঠি পুঠিত মাছক বা অসমীয়া মানুহৰ মৎস্য-প্ৰীতিক বাৰুকৈয়ে দেখোৱা হৈছে। নিজকে বিচৰাৰ, নিজকে হেৰুৱাৰ আৰু কিছু পৰিমাণে আত্মোপলব্ধিৰ এক যাত্ৰা-এমুঠি পুঠি।

অসমৰ বঙাইগাঁৱৰ পৰা যোৰহাট পৰ্যন্ত এক যাত্ৰাপথৰ কাহিনী এই চিনেমাখন। পৰিচালক কুলনন্দিনী মহন্তৰ এইখন প্ৰথম পৰিচালিত ছবি। কাহিনী ভাস্কৰ হাজৰিকাৰ আৰু চিত্ৰনাট্য তথা সংলাপ লিখিছে ভাস্কৰ হাজৰিকা আৰু সুনয়না দত্তই।

 

লগতে পঢ়ক ৰুষ্ট প্ৰকৃতি! ভয়ংকৰ ভূমিকম্পত ১ হাজাৰ লোকৰ মৃত্যু, ১৫ শৰো অধিক লোক আহত

চিনেমাৰ আৰম্ভণি হয় কিছু শিহৰণ, কিছু কৌতূহলৰ দৃশ্যৰে। নাতিনী আৰু আইতাকৰ যাত্ৰাটোৰ আৰম্ভণিও ইয়াতেই। এই যাত্ৰাই পৰৱৰ্তী সময়ত কাহিনীক গতিশীলতা প্ৰদান কৰে। কাহিনীৰ গতিশীলতাৰ বিষয়ে উল্লেখ কৰিবই লাগিব৷ আৰম্ভণিৰে পৰাই কাহিনীভাগ এনেদৰে আগবঢ়াই নিয়া হৈছে যে ক’তো ৰৈ যোৱাৰ অৱকাশ নাই। লগতেই কিছু পৰিস্থিতি সাপেক্ষ ঘটনাবহুলতাই ইয়াক আগুৱাই নিয়াত সহায়ক হৈছে।

এইখিনিতে চিনেমাখনৰ আৱহ-সংগীতৰ কথা উল্লেখ কৰিব লাগিব। সময়-পৰিস্থিতি তথা দৃশ্যাংশ অনুযায়ী আৱহ-সংগীতৰ কাম খাপ খোৱা। যেনে উত্তেজনা আৰু উৎকন্ঠাময় সময়ত ভোৰতাল আৰু নাগাৰাৰ ব্যৱহাৰ যথোপযুক্ত হৈছে। আৱহ-সংগীতৰ কাম কৰিছে মনদ্বীপ তাৰ’য়ে। বাকী চিনেমাখনৰ কেইবাটাও গীতৰ কাম ভিন ভিনজনে কৰিছে। ৰেপ সংগীতৰ পৰা গোৱালপৰীয়া লোকগীতলৈকে সংযোজন ঘটিছে। লগতে কিছু সূক্ষ্ম দিশৰ প্ৰতিও লক্ষ্য ৰখা হৈছে, যেনে আপুনি ভালদৰে লক্ষ্য কৰিলে আৰম্ভণিতে দেখোৱা থানাখনৰ নাম আৰু পৰৱৰ্তী সময়ত আন ঠাইৰ নাম আদি চাইন-ব’ৰ্ড বা প’ষ্টাৰ আদিত দেখোৱা হৈছে। মাজে-সময়ে কিছু হাস্যৰসৰো উপাদান আছে।

 

লগতে পঢ়ক  এইসকল লোকে ভুলতো নহৰু নাখাব, নহ’লে স্বাস্থ্য অৱনতি ঘটিব পাৰে!

এতিয়া আহো আন কিছু কথালৈ। চিনেমাখনত প্ৰধানতঃ নামনি অসমৰ কথিত ভাষাৰ ব্যৱহাৰ কৰা হৈছে মূখ্য চৰিত্ৰকেইটিৰ সংলাপত। অৱশ্যেই এই প্ৰচেষ্টা ভাল যদিও, দৃষ্টিকটূভাৱে প্ৰায় সময়তেই চৰিত্ৰকেইটিয়ে যে এই ভাষা কোৱাত মুঠেও অভ্যস্ত নহয়, সেই কথা স্পষ্ট হৈ পৰিছে। লগতেই আই-ফ’নেৰে সম্পূৰ্ণ চিনেমাৰ চিত্ৰগ্ৰহণ কৰাৰ বাবে বহু সময়ত দৃষ্টিনন্দন হ’ব পৰা বহু দৃশ্যাংশই নিস্তেজ, অনুজ্জ্বল যেন হ’ল। আৰম্ভণিতে বোধ হৈছিলে-ছবিখন পৰিয়ালকেন্দ্ৰিক শিহৰণ আৰু কৌতূহলধৰ্মী ধাৰাৰ চিনেমা হ’ব! পিছে পৰৱৰ্তী পৰ্যায়ত আৰম্ভণিতে দেখোৱা সেই শিহৰণ বা কৌতূহল বৰ্তাই ৰাখিবলৈ সক্ষম নহ’ল কাহিনীকাৰ। এক কথাত শেষাংশত ছন্দপতন ঘটাৰ দৰেই হ’ল। কাহিনীকাৰৰ এটা ধাৰা বা লিখন শৈলীৰ অংশ হৈছে যে প্ৰায়েই তেওঁ‌ অতিলৌকিক চৰিত্ৰৰ অৱতাৰণা ঘটায়। এমুঠি পুঠিও ইয়াৰ উৰ্ধত নহয়। দুটি এনে চৰিত্ৰৰ অৱতাৰণা কৰা হ’ল এমুঠি পুঠিত, এই দুয়ো চৰিত্ৰৰেই অতি-নাটকীয় আৰু বাস্তৱ ভিত্তিহীনতা বা অ-গ্ৰহণযোগ্যতাই চিনেমাৰ বাকী ভাল লগা অংশবোৰকো বহু পৰিমাণে মুহ্যমান কৰি তুলিলে।

অভিনয়ৰ ক্ষেত্ৰত প্ৰতিভা চৌধুৰীৰ কথা উল্লেখ কৰিবই লাগিব৷ যি স্বকীয়তাৰে সাৱলীল লগতে নিতালী দাসৰ অভিনয়ৰ পৰিপক্কতা ভাল লাগিল। কেনী বসুমতাৰীও নিজ চৰিত্ৰত স্বাভাৱিক, সহজ। মূলতঃ ক’বলৈ গ’লে চিনেমাখনে সম্পূৰ্ণ এক উপভোগ্য কিম্বা মননশীল চিনেমাৰ ৰূপ পোৱাৰ কিছু উপাদান থকাৰ পিছতো, কিছু উপাদানৰ অভাৱত অসম্পূৰ্ণ এক ৰূপতে ৰৈ গ’ল।

 

see more

 

লেখিকাৰ মেইল- rimli.borkotoky1985@gmail.com

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amuthi puthiasom live 24assam ka tazza khabarassam live 24Assamese Movieaxom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’
বিনোদন

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

October 12, 2026
প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?
বিনোদন

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

October 11, 2026
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা
বিনোদন

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

October 10, 2026
‘দেহ ব্যৱসায় কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ
বিনোদন

‘দেহ ব্যৱসায় কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

October 10, 2026
Next Post
জুলাইত চৰকাৰী কৰ্মচাৰীলৈ অতি ভাল খবৰ! কি কি ভাল খবৰে হাঁহি বিৰিঙাব কৰ্মচৰাৰী ওঁঠত?

জুলাইত চৰকাৰী কৰ্মচাৰীলৈ অতি ভাল খবৰ! কি কি ভাল খবৰে হাঁহি বিৰিঙাব কৰ্মচৰাৰী ওঁঠত?

গোপন ভিডিঅ’ ফাদিল! আক্ৰমণৰ বাবে সাজু ড্ৰেগন! স্পষ্টীকৰণত কি ক’লে চীনে?

গোপন ভিডিঅ’ ফাদিল! আক্ৰমণৰ বাবে সাজু ড্ৰেগন! স্পষ্টীকৰণত কি ক’লে চীনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.