• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মিছিং ভাষাৰ মেল’ড্ৰামাবিহীন এখন সুষম ছবি ‘বুম্বা ৰাইড’

মিছিং ভাষাৰ মেল’ড্ৰামাবিহীন এখন সুষম ছবি ‘বুম্বা ৰাইড’

4 years ago
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

53 minutes ago
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

1 hour ago
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

2 hours ago
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

3 hours ago
এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

3 hours ago
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

5 hours ago
সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

5 hours ago
শৰীৰৰ ষ্টেমিনা কিয় কমে?

শৰীৰৰ ষ্টেমিনা কিয় কমে?

6 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, জানক কিদৰে কৰিব আবেদন

7 hours ago
৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

7 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

7 hours ago
‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

মিছিং ভাষাৰ মেল’ড্ৰামাবিহীন এখন সুষম ছবি ‘বুম্বা ৰাইড’

editor by editor
September 23, 2022
in অপৰাধ, চিনেমা
0
মিছিং ভাষাৰ মেল’ড্ৰামাবিহীন এখন সুষম ছবি ‘বুম্বা ৰাইড’
0
SHARES
310
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰিমলী বৰকটকীঃ চিনেমাৰ নামটি ইতিমধ্যেই চৰ্চাত থকা নাম। গত কাঁ‌ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে ভাৰত চৰকাৰৰ তৰফৰ পৰা প্ৰেৰণৰ বাবে নিৰ্বাচিত হৈছিল আৰু মহোৎসৱত প্ৰদৰ্শিতও হৈছিল। কাহিনীকাৰ, পৰিচালক বিশ্বজিত বৰাৰ নৱতম মিছিং ভাষাত নিৰ্মিত ছবি বুম্বা ৰাইড। নামটো অৱশ্যেই ইংৰাজী ভাষাত ৰখা হৈছে, অৰ্থ সুস্পষ্ট-বুম্বাৰ চেঁ‌কুৰ। ১৬ ছেপ্তেম্বৰত অসমৰ ছবিগৃহত মুক্তিপ্ৰাপ্ত ছবিখনে কাঁ‌ মহোৎসৱৰ লগতেই ৫২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ লগতে ঢাকা চলচ্চিত্ৰ মহোৎসৱলৈও নিৰ্বাচিত হৈছিল। বুম্বা ৰাইডৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা-বিশ্বজিত বৰাৰ।

বুম্বা- এটি প্ৰাথমিক পৰ্যায়ত অধ্যয়নৰত হ’বলগীয়া বয়সৰ শিশু। এখন মিছিং গাঁৱৰ এগৰাকী অতি সাধাৰণ আৰু সুস্পষ্টৰূপত অভাৱগ্ৰস্ত মাকৰ সন্তান বুম্বা। বুম্বাৰ মাকে ঘৰৰ মুখতে শাক-পাচলিৰ লগতেই ছাঁইমদ বিক্ৰী কৰে, অভাৱগ্ৰস্ততাক বেলেগকৈ বুজাবৰ প্ৰয়োজন নাই। এটি সুন্দৰ বিস্তীৰ্ণ প্ৰাকৃতিক চিত্ৰপটেৰে ছবিৰ আৰম্ভণি। বুম্বাই সুউচ্চ গছ এজোপা বগাবলৈ চেষ্টা কৰে, অলপ উঠিয়েই বগাবলৈ নোৱাৰি নামি আহে— এই আৰম্ভণিৰ দৃশ্যটোৱেই প্ৰতীকী-পৰৱৰ্তী পৰ্যায়ত বুম্বাৰ যাত্ৰাটিৰ কেনে এক ছবি দেখিবলৈ পোৱা যাব। আৰম্ভণিতেই মিছিং কাবানৰ লগত পাৰ্শ্বৱৰ্তী আৱহ-সংগীতৰ প্ৰয়োগৰ কথা ক’ব লাগিব।

গাঁওখনৰ বাট-পথৰ জৰাজীৰ্ণ অৱস্থা, বাঁহৰ দলং আদিৰে গাঁৱৰ সামগ্ৰিক ৰূপ এটা তুলি ধৰা হৈছে। চৰকাৰী প্ৰাথমিক বিদ্যালয়খনলৈ বুম্বা যাব নে নেযাব, সেইটো সম্পূৰ্ণ বুম্বাৰ ওপৰত নিৰ্ভৰশীল। বুম্বাৰ বিভিন্ন অজুহাত বা দাবী পূৰণ হ’লেহে বুম্বা স্কুললৈ যায়। আঁৰত কাৰণ আছে, সেই লৈয়েই পৰৱৰ্তী সময়ৰ চিনেমাখনৰ কাহিনীভাগ আগবাঢ়ে।

 

লগতে পঢ়ক নৱৰাত্ৰি ২০২২ : নৱৰাত্ৰিত কি কি কৰিব কি কি নকৰিব? জানিবলৈ চাওক…

চৰকাৰী স্কুল, শিক্ষাদান, মধ্যাহ্ন ভোজন আদি সকলো বিষয়ক লৈ সচৰাচৰ চলি থকা দুৰ্নীতিৰ হেঁচাত শিক্ষাৰ প্ৰতি আগ্ৰহী শিশু মন এটিয়ে কি কৰিব পাৰে, শিশুটিৰ মনোজগতত কেনে প্ৰভাৱ পৰে এই বিষয়ত গুৰুত্ব প্ৰদান কৰা হৈছে। পিছে এই আটাইবোৰতে কোনোধৰণৰ নাটকীয়তা বা মেল’ড্ৰামাৰ প্ৰলেপ দেখিবলৈ নেপায়। খুব স্বাভাৱিক আৰু মসৃণ গতিত প্ৰথমাৰ্দ্ধৰ দৰে দ্বিতীয়াৰ্দ্ধতো বুম্বাৰ সৈতে গতি কৰিব পাৰিব আপুনি। অৰ্থাৎ কাহিনীৰ সাৱলীল গতি। বুম্বাৰ অভাৱ বা প্ৰয়োজন(crisis)ক বুম্বাৰ সৰলতাৰ মাজেৰে প্ৰতিষ্ঠা কৰা হৈছে।

এটি খুবেই প্ৰাসংগিক আৰু উল্লেখনীয় কথা যে বুম্বা ৰাইডত কাহিনীকাৰ-পৰিচালকে খুব নিখুঁত ৰূপত হাস্যৰস বা ব্যংগৰ উপস্থাপন কৰিছে। নিখুঁত বুলি এইবাবেই ক’লো, কাৰণ এই হাস্যৰস স্বতঃস্ফূৰ্ত, জোৰকৈ প্ৰয়োগ কৰা বা হেঁচি দিয়াবিধৰ নহয়। বুম্বা আৰু মাকৰ কথা-কামৰ মাজত কেঁচুৱাটিয়ে নিজস্বতাৰে ইটো-সিটোত লাগি থকা, বুম্বাক মাকে মাৰি থাকোতে কেঁচুৱাটিয়ে কন্দা-এনেবোৰ সৰু-বৰ দিশলৈ চকু দিলে সমগ্ৰ চিনেমাখনতেই পৰিচালকৰ চিনেমা সম্পৰ্কে অধ্যয়নপুষ্ট আৰু অভিজ্ঞ ৰূপটি চকুত পৰে।

 

লগতে পঢ়ক উৰন্ত বিমানৰ ভিতৰতে এয়াৰ হোষ্টেজক প্ৰচণ্ড ঘোচা যাত্ৰীৰ! কিয় ঘটিল এই ঘটনা? ভাইৰেল ভিডিঅ’

কেমেৰা বা আলোকশিল্পৰ কাম খুবেই দৃষ্টিনন্দন। বহুকেইটা এনে দৃশ্যাংশ আছে যিবোৰৰ দৃশ্যায়ন প্ৰশংসনীয়। যেনে পানীত নাৱৰ বুকুত ওপৰলৈ মূৰ কৰি শুই বাগৰি থকা বুম্বাক ল’ এংগল শ্বট এটিৰে দেখোৱা হৈছে পানীত আকাশৰ নীলাভ প্ৰতিফলন, চাংঘৰৰ জুহালত এফালে চৌকাৰ ধূঃসৰিত জুইৰ পোহৰ আৰু আনফালে ধোঁ‌ৱাচাঙৰ ওপৰৰ ধোঁৱাৰ ছাঁ-পোহৰৰ খেলাখন, হতাশ ভাবগধুৰ হৈ এন্ধাৰতে নিশা শুই পৰা বুম্বাই পুৱাৰ জলমলীয়া সুৰুযৰ পোহৰেৰে বাট লোৱা এনে বহু অনবদ্য দৃশ্যাংশৰ দৃশ্যায়নৰ কামখিনি কৰিছে জীতেন বড়ো আৰু অতুল স্বৰ্গীয়াৰীয়ে। শব্দ-সংমিশ্ৰণৰ কাম ভাল। ঘটনাপ্ৰবাহৰ পচ্ছাদপটত পৰিস্থিতিৰ লগত খাপ খোৱাকৈ মূৰ্গী, ছাগলীৰ মাত ভাহি থাকে। সম্পূ্ৰ্ণ ছবিৰ সংগীত(মূলতঃ আৱহ-সংগীত)ৰ কাম নয়নমণি বৰ্মনৰ।

বুম্বা ৰাইডৰ তাৰকা অৱশ্যেই বুম্বা। বুম্বা অৰ্থাৎ ইন্দ্ৰজিত পেগুৱে বুম্বাৰ চৰিত্ৰত অভিনয় কৰা নাই, সম্পূৰ্ণৰূপে বুম্বা হৈ পৰিছে। বুম্বাৰ চৰিত্ৰ নিৰ্বাচন আৰু বুম্বাৰ ৰূপ দিয়া এই দুয়োটি কথা পৰিচালকৰ আন এক সফলতাই। বুম্বাক বিশেষ কৰি তোলা নাই কাহিনীকাৰে, স্বাভাৱিক বা সাধাৰণ শিশু এটিয়েই কৰি ৰাখিছে। বুম্বা ৰাইডৰ মূল বিষয়বস্তু স্পৰ্শকাতৰ। অন্ত অপ্ৰত্যাশিত, আৱেগবিধুৰ আৰু পট-পৰিৱৰ্তক। বুম্বা সেই আৰম্ভণিৰ ওখ গছডালতেই বহু উচ্চতালৈ বগাই গৈ মুকলি আকাশ চাই থকা দৃশ্যৰেই প্ৰতীকাৰ্থতেই চিনেমাৰ অন্ত। ছবিগৃহত চলি আছে, চাই নিশ্চয়কৈ হতাশ নহ’ব।

মেইল- rimli.borkotoky1985@gmail.com

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24assamese filmaxom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamBoomba Ride
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan
বিনোদন

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

July 15, 2026
‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’
অপৰাধ

‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

July 15, 2026
কিয় প্ৰথম ছবিত পূৰৱী শৰ্মাৰ নাম সলনি কৰিছিল পৰিচালকে? জানি হ’ব আচৰিত
বিনোদন

কিয় প্ৰথম ছবিত পূৰৱী শৰ্মাৰ নাম সলনি কৰিছিল পৰিচালকে? জানি হ’ব আচৰিত

July 15, 2026
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’
ভাৰত

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

July 14, 2026
Next Post
৩০ মাহৰ পাছত ভূটান সীমান্ত বিদেশী পৰ্যটকৰ বাবে মুকলি, কি কি নতুন নিয়ম কৰিলে প্ৰৱৰ্তন?

৩০ মাহৰ পাছত ভূটান সীমান্ত বিদেশী পৰ্যটকৰ বাবে মুকলি, কি কি নতুন নিয়ম কৰিলে প্ৰৱৰ্তন?

‘বিবাহ কেৱল শাৰীৰিক সন্তুষ্টিৰ বাবে নহয়, সন্তান জন্ম দিয়াৰ বাবেহে’ এইদৰে কোনে ক’লে?

‘বিবাহ কেৱল শাৰীৰিক সন্তুষ্টিৰ বাবে নহয়, সন্তান জন্ম দিয়াৰ বাবেহে’ এইদৰে কোনে ক’লে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.