আজৱেই কওক বা হিন্দীত গজৱেই কওক, কিছুমান এনে ঘটনা সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত পোহৰলৈ আহি থাকে যিবোৰ শুনি আপুনি আচৰিত নহৈ নোৱাৰে৷
এইবাৰো তেনে এক আজৱ খবৰে সংবাদ শিৰোণাম দখল কৰিছে৷ এইবাৰ এই অদ্ভূত বাতৰিটো থাইলেণ্ডৰ পৰা আহিছে৷
বাতৰিটোৰ মতে দুজন যুৱকে নিজৰ বাবে গাৰ্লফ্ৰেণ্ড বিচাৰি বিজ্ঞাপন দিছে৷ অৱশ্যে এই বিজ্ঞাপনলৈকে ঠিকেই আছিল৷ কিন্তু গাৰ্লফ্ৰেণ্ড মাহে দুই লাখ কৈ টকা দৰমহা দিয়া হ’ব বুলিও বিজ্ঞাপনত উল্লেখ কৰাতহে মানুহৰ চকু কপালত উঠিছে৷
লগতে পঢ়ক উৰন্ত বিমানৰ ভিতৰতে এয়াৰ হোষ্টেজক প্ৰচণ্ড ঘোচা যাত্ৰীৰ! কিয় ঘটিল এই ঘটনা? ভাইৰেল ভিডিঅ’
এতিয়া প্ৰশ্ন হৈছে, যুৱক দুজনে প্ৰেমিকাক মাহে দুই লাখকৈ টকা দৰমহা কিয় দিব? সেই বিষয়েও যুৱক দুজনে বিজ্ঞাপনত উল্লেখ কৰিছে৷
জানিব পৰা মতে থাইলেণ্ডৰ হ’লেও যুৱক দুজন চীনামূলীয়হে৷ তেওঁলোকক থাইলেণ্ডৰ গাৰ্লফ্ৰেণ্ডহে লাগে৷ অৱশ্যে এই বিজ্ঞাপনটো যুৱকদ্বয়ৰ এজন বন্ধুৱে প্ৰকাশ কৰিছে৷
খবৰ অনুসৰি, বন্ধুজনে বিজ্ঞাপনটোত লিখিছে যে দুগৰাকী চীনা বন্ধুৱে গাৰ্লফ্ৰেণ্ড বিচাৰিছে। প্ৰেমিকাৰ বয়স ১৮ৰ পৰা ২৩ বছৰৰ ভিতৰত হ’ব লাগে। গাৰ্লফ্ৰেণ্ডে দৰমহা হিচাপে মাহে পাব ২.১৬ লাখ টকা৷ দুয়োজনেই মোৰ বন্ধু, ধুনীয়া আৰু পৰিষ্কাৰ মানুহ। যদি আপোনালোক দুয়োৰে মন ভাল লগাব পাৰে, তেন্তে আৰু বেছি দৰমহা পাব পাৰিব।
লগতে পঢ়ক সঁচাকৈয়ে কৰ্মচাৰীৰ ডিএ ৩৮% লৈ বৃদ্ধি পালেনে? বৃদ্ধি পোৱাটো সত্য নে? জানিবলৈ চাওক…
তেওঁ ইয়াৰ বিনিময়ত গাৰ্লফ্ৰেণ্ডে কি কি চৰ্ত পূৰণ কৰিব লাগিব সেই বিষয়েও বিজ্ঞাপনটোত উল্লেখ কৰা হৈছে।
দুয়োজনকে কেৱল থাই গাৰ্লফ্ৰেণ্ডৰ প্ৰয়োজন আৰু গাৰ্লফ্ৰেণ্ড হ’ব বিচৰা যুৱতীৰৰ চীনা ভাষাৰ জ্ঞান থাকিব লাগিব। এই বিজ্ঞাপনটো পোষ্ট কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে নেট-নাগৰিকে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু বহুতে সেই প্ৰতিক্ৰিয়াক উপভোগো কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ