অসম লাইভ২৪ঃ আফগানিস্তানে তালিবানৰ ক্ষমতা দখল কৰাৰ পাছতেই প্ৰাণ ৰক্ষা কৰিবলৈ ভাৰতলৈ পলাই আহিছিল পিতৃ-মাতৃ। আফগান দম্পতিহালে ভাৰতত পলাই আহি থকা অৱস্থাতেই জন্ম দিলে এগৰাকী কন্যা সন্তানৰো। ২০২১ চনৰ ছেপ্তেম্বৰ মাহত মহাৰাষ্ট্ৰতেই আফগান দম্পতিহালে জন্ম দিয়ে কন্যা সন্তানটিৰ। কিন্তু কন্যাৰ জন্মৰ পাছতেই দম্পতিহালে নৱজাতকক ভাৰততেই এৰি মনে মনে আফগানিস্তানলৈ গুচি যায়। ভাৰত এৰাৰ সময়ত দম্পতিহালে পুণেৰ এটা স্বেচ্ছাসেৱী সংস্থাৰ হাতত সন্তানটোক তুলি দিয়ে।
সন্তানটি একলা-দুকলাকৈ বাঢ়ি থাকিল। লগে লগেই আহিল নাগৰিকত্বৰ প্ৰশ্নও। আফগান দম্পতিৰ এই শিশু কন্যাই কোন দেশৰ নাগৰিকত্ব লাভ কৰিব। ভাৰতৰ নাগৰিকত্ব দিবলৈ বহুতেই শিশুটিৰ পক্ষত থিয় দিলে। কিয়নো পিতৃ-মাতৃ আফগান হ’লেও শিশুটিৰ জন্ম ভাৰত ভূমিতেই হৈছে। শেষত বিচাৰটো লৈ স্বেচ্ছাসেৱী সংস্থা কাষ চাপে বোম্বে আদালতৰ। শেহতীয়াভাৱে বোম্বে আদালতে বিষয়টোক লৈ ৰায় প্ৰদান কৰিছে। আফগান দম্পতিৰ কন্যাক ভাৰতীয় নাগৰিকত্ব দিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক নিৰ্দেশ দিছে বোম্বে উচ্চ ন্যায়ালয়ে।
বিচাৰপতি জি এছ পেটেল আৰু বিচাৰপতি নীলা গোখলৰ ডিভিজন বেঞ্চে দিয়া নিৰ্দেশ অনুসৰি, ভাৰতত জন্মগ্ৰহণ কৰাৰ বাবেই শিশুটিয়ে আইনগতভাৱে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব। নাগৰিকত্বৰ সমূহ নথিপত্ৰ নোপোৱা পৰ্যন্ত শিশুটিক শিশুগৃহৰ পৰা কাকোৱেই দিয়া নহ’ব বুলিও জনাইছে উচ্চ ন্যায়ালয়ে। ভাৰতীয় সমাজ সেৱা কেন্দ্ৰ নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ আবেদন মানিয়েই শিশুটিক ভাৰতীয় নাগৰিকত্ব দিবৰ বাবে গৃহ মন্ত্ৰালয় লৈ নোটিছ পঠিয়াই বিচাৰপীঠে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ