বিদ্যালয়ৰ শ্ৰেণীত ছাত্ৰ-ছাত্ৰী একেলগে অধ্যয়ন কৰাটো ‘বিপজ্জনক’! এই অদ্ভুত দাবী কৰিছে কেৰালাৰ ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ (আই ইউ এম এল)ৰ সাধাৰণ সম্পাদক পি এম এ ছালামে৷
কেৰালা চৰকাৰে ৰাজ্যখনত লিংগ নিৰপেক্ষ শিক্ষা ব্যৱস্থা প্ৰৱৰ্তনৰ বিৰোধিতা কৰিবলৈ গৈ মুছলমান ধৰ্মীয় সংগঠনটোৰ নেতাগৰাকীয়ে এই অদ্ভুত দাবী কৰিছে।
‘‘এয়া বিপজ্জনক। ল’ৰা-ছোৱালীয়ে শ্ৰেণীকোঠাত একেলগে পঢ়াৰ প্ৰয়োজন কি? তেওঁলোকক কিয় জোৰ কৰি আছে, সুযোগ দিছে? ইয়াৰ ফলত সমস্যাৰ সৃষ্টিহে হ’ব৷ ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনা কৰিব নিবিচাৰিব।’’ সংখ্যালঘু নেতাগৰাকীয়ে কয়৷
লগতে পঢ়ক ৬ হাজাৰ টকাত নিজ নৱজাতক কন্যা বিক্ৰী পিতৃৰ, মৃত সন্তান জন্ম দিয়া বুলি জনালে পৰিয়ালক
কেৰালা চৰকাৰে লিংগ নিৰপেক্ষ শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰাটোও ছালামে কঠোৰ ভাষাৰে সমালোচনা কৰে। তেওঁ লগতে কয় যে লিংগ নিৰপেক্ষতা কোনো ধৰ্মীয় বিষয় নহয়। নৈতিক বিষয়। ছাত্ৰ-ছাত্ৰীক লিংগ নিৰপেক্ষ ইউনিফৰ্ম পৰিধান কৰিবলৈ বাধ্য কৰাইছে চৰকাৰে। ই আচলতে ছাত্ৰ-ছাত্ৰীক বিপথে পৰিচালিত কৰিব। চৰকাৰক এই ব্যৱস্থা প্ৰত্যাহাৰ কৰিবলৈ তেওঁ দাবী জনায়।
ইয়াৰ পূৰ্বেও মুছলমান সংগঠনসমূহে এই লিংগ নিৰপেক্ষ শিক্ষা ব্যৱস্থাক সমালোচনা কৰিছিল। তেওঁলোকৰ অভিযোগ অনুসৰি কেৰালাৰ বাওঁপন্থী চৰকাৰে শিক্ষা ব্যৱস্থাৰ ওপৰত উদাৰ নীতি জাপি দিবলৈ চেষ্টা কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ