৯ মাহৰ অন্তঃসত্ত্বা আছিল মহাৰাষ্ট্ৰৰ আহমেদানগৰৰ ২৫ বছৰীয়া বোৱাৰীগৰাকী৷ স্বামীৰ সৈতে ফুৰিবলৈ ওলাই যাওঁতেই হঠাৎ এক দুৰ্ঘটনা৷ স্কুটিৰ পৰা বাগৰি পৰে অন্তঃসত্ত্বা মহিলাগৰাকী৷ মূৰত গুৰুতৰ আঘাত পায়৷ ৯মহীয়া অন্তঃসত্ত্বা মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ চিকিৎসকে সকলো পৰীক্ষা নিৰীক্ষাৰ অন্তত জনাই যে মহিলাগৰাকীৰ ব্ৰেইন ডেড হৈছে৷ অৰ্থাত তেওঁৰ মস্কিষ্কৰ মৃত্যু ঘটিছে৷ কিন্তু ব্ৰেইন ডেড হ’লেও মহিলাগৰাকীয়ে এটা সুস্থ পুত্ৰ সন্তান প্ৰসৱ কৰে৷
চিকিৎসকে শিশুটিৰ পৰীক্ষা নিৰীক্ষাৰ অন্তত জনাইছে যে শিশুটি সম্পূৰ্ণ সুস্থ অৱস্থাত আছে৷ কিন্তু মহিলাগৰাকীক সুস্থ কৰিব পৰা কোনো উপায় নাই৷ অৱশেষত সেয়ে মহিলাগৰাকীৰ স্বামীয়ে লৈছে বৃহৎ সিদ্ধান্ত৷ শোকাহত স্বামীয়ে তেওঁৰ পত্নীৰ অংগ দান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷
বিগত ২০ জানুৱাৰীত আহমেদানগৰত এই দুৰ্ঘটনা সংঘটিত হৈছিল৷ স্কুটি চলাই পত্নীত পিছৰ চিটত উঠাই যাত্ৰা কৰিছিল স্বামীয়ে৷ কিন্তু হঠাৎ এক দুৰ্ঘটনাই শেষ কৰি দিয়ে এখন সুখৰ সংসাৰ৷ স্কুটিৰ পৰা পৰি লগে লগেই অজ্ঞান হৈ পৰে পত্নী৷ স্বামীগৰাকীয়েও আঘাত পায় যদিও তেওঁ বৰ্তমান সুস্থ হৈ উঠিছে৷ শেষত ব্ৰেইন ডেথ পত্নীক লৈ স্বামীয়ে লোৱা সিদ্ধান্তৰ বাবেই ভাইৰেল হৈ পৰিছে স্বামী স্ত্ৰীৰ কাহিনী৷
স্বামীগৰাকীয়ে তেওঁৰ পত্নীৰ অংগদানৰ সিদ্ধান্ত লৈছে৷ পত্নীৰ কৰ্নিয়া, লিভাৰ আৰু কিডনী দান কৰিছে স্বামীয়ে৷ হাস্পতাল কৰ্তৃপক্ষৰ মতে এনে দুঃসময়তো লোৱা সিদ্ধান্তৰ বাবে তেওঁ ধন্যবাদৰ পাত্ৰ৷ নিয়ম অনুযায়ী দুটি কৰ্ণিয়া, কিডনি আৰু লিভাৰ যাক প্ৰয়োজন তেওংলোকৰ বাবে এইসমূহ সংৰক্ষণ কৰা হ’ব৷ ইতিমধ্যে কিডনি কেইটা পুণেৰ জোনেল ট্ৰান্সপ্লেণ্ট ক’অৰ্ডিনেছন চেণ্টাৰত সংৰক্ষণ কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















