জুলাই মাহৰ পৰা বিএছএলৰ গ্ৰাহক বহু পৰিমাণে বৃদ্ধি হৈছে৷ গ্ৰাহক বৃদ্ধিৰ লগে লগেই বিএছএনএলেও নিজৰ সেৱা পূৰ্বতকৈ মসৃণ কৰিবলৈ যত্ন কৰিছে৷ ৪জি সেৱা যোগান ধৰিবলৈ আৰম্ভ কৰিছে এই সংস্থাই৷ শেহতীয়াকৈ বিএছএনলে ৫জি সেৱাৰো পৰীক্ষণ আৰম্ভ কৰিছে৷
কেন্দ্ৰীয় টেলিকম মন্ত্ৰী, জ্যোতিৰাদিত্য সিন্ধিয়াই এই সন্দৰ্ভত কয়, ‘৩.৬ গিগাহাৰ্টজ আৰু ৭০০ মেগাহাৰ্টজ’ দুই ব্ৰেণ্ডেই দেশীয়ভাৱে তৈয়াৰ হোৱা ৫জি ৰেডিঅ’ এক্সেছ নেটৱৰ্ক আৰু কোৰৰ পৰীক্ষা সফল হৈছে৷ বিএছএনএলে শীঘ্ৰেই দেশীয় ৫জি পৰিসেৱা স্থাপন কৰিব৷
বৰ্তমান ৩৯,০০০ হাজাৰ ৪জি নেটৱৰ্ক স্থাপন কৰা হৈছে৷ লক্ষ্য হৈছে ২০২৫ চনৰ মাজত ১লাখ চাইট স্থাপন কৰা৷ ২০২৫ চনৰ মাজত এই ৪জি নেটৱৰ্কৰ চাইটসমূহত ৫জি আপগ্ৰেড কৰা হ’ব৷ দেশৰ প্ৰথম টেলিকম অপাৰেটৰ হিচাপে দেশীয় ৪জি আৰু ৫জি নেটৱৰ্ক স্থাপন কৰিব বিএছএনএলে৷
উল্লেখ্য যে ৭০০ মেগাহাৰ্টজ ব্ৰেণ্ডক ৫জি প্ৰিমিয়াম ব্ৰেণ্ড বুলি বিবেচনা কৰা হয়৷ কাৰণ এই ব্ৰেণ্ডে বৃহৎ এলেকাত কভাৰেজ দিয়ে৷ ৰিলায়েন্স জিঅ’ক বাদ দি টেলিকম অপাৰেটৰৰ মাজত একমাত্ৰ বিএছএনএলৰেই এই এক্সেছ আছে৷ এই এক্সেছ দিবৰ বাবে এয়াৰটেল আৰু আইডিয়াইও আজিলৈকে সাহস কৰা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ