অসম লাইভ২৪ঃ বছৰত ৭লাখ টকালৈকে আয় কৰিলে আপুনি দিব নালাগে কোনো আয়কৰ। লোকসভাৰ অন্তবৰ্তীকালীন বাজেট ২০২৪ পেছ কৰিবলৈ গৈ বৃহৎ ঘোষণা কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে। তেওঁ স্পষ্টকৈ জনাই দিছে যে, নতুন কৰ ব্যৱস্থাৰ আওতাত ৭লাখ পৰ্যন্ত কোনো আয়কৰ দিব নালাগে। প্ৰকৃততে এই নিয়ম বিগত বৰ্ষতেই লাঘু হৈছে। ষ্টেণ্ডাৰ্ড ডিডাকছনৰ হিচাপ কৰিলে প্ৰায় ৪লাখ টকা পৰ্যন্ত আয়কৰ বাদ পৰিছে সাধাৰণ মানুহৰ। ৭লাখ পৰ্যন্ত আয়কৰ দিব নালাগে বুলি ঘোষণাৰ অৰ্থ হৈছে কৰ কাঠামোত কোনো পৰিবৰ্তন নাহে।
এই প্ৰসংগত নিৰ্মলা সীতাৰমনে জনোৱা অনুসৰি যিহেতু এয়া অন্তবৰ্তীকালীন বাজেট। সেয়ে জুলাই-আগষ্ট মাহত আৰু এখন পূৰ্ণাংগ বাজেট পেছ কৰা হ’ব। তেতিয়া আয়কৰক লৈ নতুন কোনো ঘোষণা কৰা হ’ব পাৰে। মধ্যবিত্ত শ্ৰেণীয়ে আশা কৰিছে যে বাজেটত আয়কৰ ৰেহাই আৰু বৃদ্ধি কৰা হ’ব পাৰে। বিশেষকৈ মেডিক্লেমত কৰ ৰেহাই দিয়া হ’ব পাৰে। একাংশ অৰ্থনীতিবিদৰ মতে ৭লাখ পৰ্যন্ত আয়কৰ ৰেহাইয়ে যথেষ্ট। এই ৰেহাইয়ে মধ্যবিত্তৰ চাহিদা পূৰণ কৰিছে। বেছিভাগ চাকৰিয়ালে এই কৰ ৰেহাইৰ তালিকাত তালিকাভূক্ত হৈ আছে।
অৱশ্যে এই বাজেট যিহেতু অন্তবৰ্তীকালীন বাজেট, সেয়ে আয়কৰত খুব বেছি পৰিবৰ্তনৰ প্ৰত্যাশাও কোনোৱে কৰা নাছিল। ১২ লাখ টকাতকৈ বেছি উপাৰ্জনকাৰীৰ আয়কৰৰ নিয়মত কিছু পৰিবৰ্তন আশা কৰা হৈছিল। উল্লেখ্য বিষয় এয়াই যে, নতুন কৰ ব্যৱস্থাৰ আওতাত ৭লাখ টকা পৰ্যন্ত আয় কৰমুক্ত হ’লেও পুৰণা কৰ ব্যৱস্থাত এই সীমা আছে ৫লাখ। অৰ্থাৎ আয়কৰদাতাক ৭লাখ টকাৰ ভিতৰত আয়কৰ ৰেহাই দিলেও নতুন কৰ ব্যৱস্থাত আয়কৰ জমা দিব লাগিব। আয়কৰত খুব বেছি পৰিবৰ্তন নহ’লেও এই বাজেটে কিছু স্বাস্তি দিছে মধ্যবিত্তক। প্ৰথমটো হৈছে ২কোটি পৰিয়ালক আৱাস যোজনাৰ আওতালৈ আহি পকী ঘৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। ইয়াৰোপৰি দেশৰ ১কোটি ঘৰত বিনামূলীয়াকৈ ৩০০ ইউনিট বিদ্যুৎ প্ৰদানৰ কথাও বাজেটত ঘোষণা কৰা হৈছে। ঘৰত ছলাৰ পেনেল বহুৱাই বিদ্যুৎ প্ৰদানৰো ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্তৰ কথা বাজেটত উল্লেখ কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ