বৰ্তমান শুক্ৰই অৱস্থান কৰিছে নিজৰ ৰাশি তুলাত৷ আগন্তুক দেওবাৰে ২৩ নৱেম্বৰত তুলালৈ আহিব বুধ৷ তুলা ৰাশিত বুধ আৰু শুক্ৰৰ মিলনত গঠিত হ’ব লক্ষ্মী নাৰায়ণ যোগ৷ জ্যোতিষশাস্ত্ৰত লক্ষ্মী নাৰায়ণক অত্যন্ত শুভ যোগ হিচাপে চোৱা হয়৷ ইয়াৰ শুভ প্ৰভাৱত মা লক্ষ্মী আৰু নাৰায়ণৰ কৃপা লাভ কৰা যায়৷ এই যোগ সম্পদ, সমৃদ্ধি আৰু সামাজিক সন্মান কঢ়িয়াই আনে৷ জানি থওক এই যোগৰ প্ৰভাৱত নৱেম্বৰৰ শেষ সপ্তাহত লাভৱান হ’ব কোন কোন ৰাশিৰ জাতক?
প্ৰমোছন পাব পাৰে মেষ ৰাশিয়ে
মেষ ৰাশিৰ সপ্তম ঘৰত গোচৰ কৰিব বুধে৷ লক্ষ্মী নাৰায়ণ যোগৰ শুভ প্ৰভাৱত আৰ্থিকভাৱে লাভ কৰিব পাৰিব এই ৰাশিৰ জাতকে৷ সকলো বাকী থকা কাম সম্পূৰ্ণ কৰিব৷ কাৰ্যালয়ত পদোন্নতি লাভৰ সম্ভাৱনা আছে৷ পৰিয়ালৰ পৰা সকলোধৰণৰ সহায় পাব৷ মানসিক চাপ কমিব৷ কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷
অফিচত প্ৰশংসা পাব মিথুন ৰাশি
বুধ আৰু শুক্ৰৰ যুঁটিৰ ফলত সৌভাগ্য লাভ হ’ব মিথুন ৰাশিৰ জাতকৰ৷ মিথুন ৰাশিৰ পঞ্চম ঘৰত গঠিত হ’ব লক্ষ্মী নাৰায়ণ যোগ৷ ভৱিষ্যতৰ কথা ভাৱি এই সময়ত বেছ কিছু লাভজনক সিদ্ধান্ত ল’ব পাৰে৷ অফিচত আপোনাৰ কামত কৰ্তৃপক্ষৰ প্ৰশংসা পাব৷ প্ৰেম জীৱন আৰু মধুৰ হব৷ নতুন পৰিকল্পনা কাৰ্যকৰ হ’ব৷
আৰ্থিক লাভ কৰ্কট ৰাশিৰ
কৰ্কট ৰাশিৰ চতুৰ্থ ঘৰত গঠিত হ’ব লক্ষ্মী নাৰায়ণ যোগ৷ এই যোগৰ প্রভাৱত ভাগ্য খুলিব কৰ্কট ৰাশিৰ জাতকৰ৷ বিলাসিতাৰ মাজেৰে সময় কটাব৷ আৰ্থিক লাভৰ সম্ভাৱনা আছে৷ ৰিয়েল এষ্টেট সংক্ৰান্তিয় সমস্যা দূৰ হব৷ কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰতিপত্তি বাঢ়িব৷ অফিচত সহকৰ্মীৰ সাহায্য পাব৷
বিদেশ যাত্ৰা কৰিব পাৰে তুলা ৰাশিয়ে
তুলা ৰাশিতেই গঠিত হ’ব লক্ষ্মী নাৰায়ণ যোগ৷ ইয়াৰ প্ৰভাৱত নানান দিশৰ পৰা লাভৱান হ’ব তুলা ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ জীৱনত সুখ আৰু সমৃদ্ধি বাঢ়িব৷ বিদেশ যাত্ৰা কৰিব পাৰে৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভৰ যোগ আছে৷ ব্যৱসায়ত লাভ বাঢ়িব৷ দাম্পত্য জীৱনত সুখ থাকিব৷ অবিবাহিতসকলৰ বিবাহৰ কথা আগুৱাব৷
কেৰিয়াৰত উন্নতি হ’ব মকৰ ৰাশিৰ
মকৰ ৰাশিৰ দশম ঘৰত গঠিত হ’ব লক্ষ্মী নাৰায়ণ যোগ৷ এই সময়ত কেৰিয়াৰত ডাঙৰ উন্নতি কৰাৰ যোগ আছে৷ আপোনাৰ নেতৃত্ব দিয়াৰ ক্ষমতা আৰু মজবুত হ’ব৷ ডাঙৰ আৰ্থিক লাভ হ’ব পাৰে৷ পূৰ্বে কৰা বিনিয়োগৰ পৰা লাভৱান হ’ব৷ পৰিয়ালৰ সকলোকে নিজৰ কাষত পাব৷ প্ৰতিযোগিতামূলক পৰীক্ষাত সাফল্য লাভৰ যোগ আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















