অসম লাইভ ২৪ঃ বুধবাৰে সম্পন্ন হ’ল নতুন ৰাজ্য চৰকাৰৰ তৃতীয়খন কেবিনেট বৈঠক। এই কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় এলানিমান সিদ্ধান্ত।
এই সিদ্ধান্তসমূহ এনেধৰণৰ—
এতিয়াৰে পৰা সমাজ কল্যাণ বিভাগে ‘দীনদয়াল দিব্যাংগ যোজনা’ৰ চিলিং বিত্ত বিভাগলৈ প্ৰেৰণ কৰিব নালাগে। বিভাগটোৰ জ্যেষ্ঠতম সচিবগৰাকীয়ে নিজে ফাইল ক্লীয়েৰ কৰিব পাৰিব, কোষাগাৰলৈ যাব।
প্ৰত্যেক মাহৰ ১০ তাৰিখে কেইবাখনো আঁচনিৰ হিতাধিকাৰীয়ে নিজ নিজ একাউণ্টত লাভ কৰিব নিৰ্দিষ্ট ধনৰাশি। সেই মৰ্মে, কুশল কোঁৱৰ বৃদ্ধ পেন্সন আঁচনিৰ ১৩ লাখ হিতাধিকাৰীয়ে ২৫০ টকাকৈ, ইন্দিৰা মিৰি বিধৱা পেন্সনৰ ১ লাখ ৭০ হাজাৰ হিতাধিকাৰীয়ে ৩০০ টকাকৈ আৰু দীনদয়াল দিব্যাংগ যোজনাৰ ১ লাখ ৬০ হাজাৰ হিতাধিকাৰীয়ে ১,০০০ টকাকৈ প্ৰতিমাহৰ ১০ তাৰিখে নিজ নিজ একাউণ্টত ধনৰাশি লাভ কৰিব।
বড়ো ভূমিৰ প্ৰশাসনিক সংস্কাৰৰ বাবেও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে। BTRৰ ৪ খন জিলাৰ বাবে ‘ৱেলফেয়াৰ অব্ বড়োলেণ্ড ডিপাৰ্টমেণ্ট’ নামেৰে এটা সুকীয়া বিভাগ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ উপৰি ‘বড়োলেণ্ড এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ’ খোলাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয় যাতে বড়োভূমিৰ প্ৰশাসনিক কাম-কাজ দ্ৰুততৰ হৈ উঠে। ষ্টাফ কলেজৰ অট্টালিকা নিৰ্মাণ প্ৰক্ৰিয়াত হয়তো দুবছৰ সময়ৰ প্ৰয়োজন হ’ব পাৰে। এই ক্ষেত্ৰত BTC প্ৰশাসনে চৰকাৰী কাৰ্যালয় এটা উলিয়াই ল’ব পাৰে। যদি সেয়াও সম্ভৱ নহয়, ষ্টাফ কলেজৰ বাবে ঘৰ ভাড়াতো ল’ব পাৰে। মুঠতে এই সিদ্ধান্ত তাৎক্ষণিকভাৱে বলৱৎ হ’ব।
‘গাৰ্ডিয়েন মিনিষ্টাৰ ফৰ্ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেচন’ৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। একোগৰাকী মন্ত্ৰীক এখন-দুখন বা তিনিখন জিলাৰ গাৰ্ডিয়েন মিনিষ্টাৰৰ দায়িত্ব প্ৰদান কৰা হৈছে। মন্ত্ৰীগৰাকী সাধাৰণ জনতাৰ নহয়, জিলা প্ৰশাসনৰহে অভিভাৱক হ’ব।
- মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস বঙাইগাঁও, ধুবুৰী, বৰপেটা জিলা
- মন্ত্ৰী অতুল বৰা ডিব্ৰুগড়, তিনিচুকীয়া জিলা
- মন্ত্ৰী ইউ জি ব্ৰহ্ম বাক্সা, চিৰাং জিলা
- মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী দৰং, কামৰূপ, কামৰূপ (মঃ) জিলা
- মন্ত্ৰী পৰিমল শুক্লবৈদ্য কৰিমগঞ্জ, হাইলাকান্দি, হোজাই জিলা
- মন্ত্ৰী কেশৱ মহন্ত গোলাঘাট, মৰিগাঁও জিলা
- মন্ত্ৰী ৰণোজ পেগু যোৰহাট, শিৱসাগৰ জিলা
- মন্ত্ৰী অশোক সিংঘাল কোকৰাঝাৰ, ওদালগুৰি, কাছাৰ জিলা
- মন্ত্ৰী যোগেন মহন কাৰ্বি আংলং, পঃ কাৰ্বি আংলং, ডিমা হাছাও জিলা
- মন্ত্ৰী সঞ্জয় কিষাণ ধেমাজি, লখিমপুৰ জিলা
- মন্ত্ৰী অজন্তা নেওগ নলবাৰী, গোৱালপাৰা, দঃ শালমাৰা জিলা
- মন্ত্ৰী পীয়ুষ হাজৰিকা নগাঁও, শোণিতপুৰ, বিশ্বনাথ জিলা
- মন্ত্ৰী বিমল বৰা মাজুলী, চৰাইদেউ, বজালী জিলা
গাৰ্ডিয়েন মিনিষ্টাৰ অৰ্থাৎ অভিভাৱক মন্ত্ৰীসকলৰ লগত থাকিব একোগৰাকীকৈ সচিব। মন্ত্ৰী আৰু সচিবগৰাকীয়ে কমেও মাহে এবাৰকৈ জিলা সদৰ ভ্ৰমণ কৰিব লাগিব। যিকোনো দুৰ্যোগৰ সময়ত মন্ত্ৰীসকলে বাৰে বাৰে যাব লাগিব নিজ নিজ দায়িত্বত থকা জিলাসমূহলৈ। তেওঁলোকৰ ভ্ৰমণকালত প্ৰতিবাৰে অতিকমেও এখনকৈ ৰাজহ চক্ৰৰ কাৰ্যালয় পৰিদৰ্শন কৰিব লাগিব। চৰকাৰী আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ’লে তেওঁলোকে চৰকাৰক পৰামৰ্শ আগবঢ়াব লাগিব। যিকোনো ভাল কামৰ বাবে ‘এৱাৰ্ড-ৰিৱাৰ্ড’ৰ ক্ষেত্ৰত চৰকাৰক পৰামৰ্শ আগবঢ়াব পাৰিব। জিলা প্ৰশাসন তথা অন্যান্য বিভাগৰ সহযোগত একোখনকৈ ‘ভিজন ডকুমেণ্ট’ প্ৰস্তুত কৰিব পাৰিব। আন্তঃগাঁথনি উন্নয়নৰ বাবে পৰিকল্পনা যুগুত কৰিব পাৰিব। জিলাখনৰ সম্পদৰাজি সন্দৰ্ভত অধ্যয়নৰ অন্তত জিলাখনৰ নিবনুৱাক নিয়োগ প্ৰদানৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিব পাৰিব। পুঁজিৰ প্ৰয়োজন হোৱা জিলাকেন্দ্ৰিক বিষয়ৰ বাবে অভিভাৱক মন্ত্ৰীগৰাকীয়ে চৰকাৰক পৰামৰ্শ আগবঢ়াব পাৰিব। এই পৰামৰ্শ দাখিল কৰিব লাগিব বাজেট দাখিলৰ কিছু পূৰ্বে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ