ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে আজি সোণাৰিতো পৌৰসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে প্ৰাৰ্থীসকলে। সোণাৰি আৰু মৰাণ পৌৰসভাৰ প্ৰাৰ্থীয়ে চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। ৰাজ্যৰ কেবিনেট মন্ত্ৰী যোগেন মহন, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত সোণাৰি আৰু মৰাণ দুয়োখন পৌৰসভাৰ মনোনয়ন পত্ৰ দাখিল কৰে বিজেপি প্ৰাৰ্থীয়ে। ১৬টা ৱাৰ্ডযুক্ত সোণাৰি পৌৰসভা নিৰ্বাচনৰ বাবে বিজেপি দলৰ ১৪ গৰাকী আৰু মিত্ৰদল অগপৰ দুগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে।
আনহাতে কংগ্ৰেছ দলৰ ১৬ গৰাকী প্ৰাৰ্থীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ ৰিটাৰ্ণিং অফিচাৰৰ হাতত। ইয়াৰোপৰি, মৰাণ পৌৰসভা নিৰ্বাচনৰ বাবে ১০টা ৱাৰ্ডত বিজেপি আৰু এটাত মিত্ৰদলৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে৷ কংগ্ৰেছ দলৰ ১০গৰাকী আৰু অসম জাতীয় পৰিষদ ২গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। উল্লেখযোগ্য, আজিৰেপৰা কোভিডৰ নীতি-নিৰ্দেশনা শিথিল হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ সদল-বলে অহা পৰিলক্ষিত হয় সোণাৰিৰ ৰাজপথত।
সোণাৰিৰপৰা ৰাজীব দত্তবৰা
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ