ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ দ্বিতীয়টো দিনে অতিক্ৰম কৰাৰ লগে লগে ইউক্ৰেইনত থকা ভাৰতীয়সকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতি অতি সতৰ্ক হৈ পৰিছে ইউক্ৰেইনস্থিত ভাৰতীয় দূতাবাস৷
শুকুৰবাৰে কীয়েভস্থিত ভাৰতীয় দূতাবাসে এক জাননী জাৰি কৰি ইউক্ৰেইনত আৱদ্ধ হৈ থকা ভাৰতীয় লোকসকলক বিশেষ কিছুমান আহ্বান জনাইছে৷
জাননীখনত প্ৰতিজন ভাৰতীয়কে পাছপ’ৰ্ট, মাৰ্কিন ড’লাৰত নগদ টকা, কোভিড১৯ৰ ভেকিচন গ্ৰহণৰ দুয়োখন প্ৰমাণ পত্ৰৰ লগতে ভাৰতীয় জাতীয় পতাকা লৈ থাকিবলৈ কোৱা হৈছে৷ লগতে যান বাহনত এখন ছপা ভাৰতীয় পতাকাও সংলগ্ন কৰি ল’বলৈ কোৱা হৈছে৷
সংকটৰ সময়ত ভাৰতীয় দূতাবাসে সকলো ভাৰতীয় লোককে সুৰক্ষিত আৰু সতৰ্ক হৈ থাকিবলৈও আহ্বান জনাইছে৷
জাননীখনত লগতে ভাৰতীয় দূতাবাসে ৰোমানিয়া আৰু হাংগেৰীৰ সীমান্তৰেদি ভাৰতীয়সকলক ইউক্ৰেইনৰ পৰা স্থানান্তৰ কৰি থকা বুলিও কোৱা হৈছে৷
উল্লেখ্যে যে যুদ্ধ বিধস্ত ইউক্ৰেইনত শিক্ষাৰ্থীসহ প্ৰায় ২০ হাজাৰ ভাৰতীয় আৱদ্ধ হৈ আছে৷ আৰু তেওঁলোকক ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে ইউক্ৰেইনস্থিতি ভাৰতীয় দূতাবাসৰ সহায়ত সুৰক্ষিতভাৱে ইউক্ৰেইনৰ সীমান্তৱৰ্তী ৰাষ্ট্ৰসমূহলৈ স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















