কেন্দ্ৰ আৰু মহাৰাষ্ট্ৰৰ মাজৰ সংঘাত ক্ৰমাৎ বৃ্দ্ধি পাবলৈ ধৰিছে৷ শিৱসেনাই এনডিএৰ সংগ ত্যাগ কৰি মহাৰাষ্ট্ৰত মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰাৰ পিছৰে পৰা কেন্দ্ৰৰ সৈতে মহাৰাষ্ট্ৰ চৰকাৰৰ সংঘাতে শীৰ্ষত আৰোহণ কৰা দেখা গৈছে৷
বিভিন্ন সময়ত দুয়োখন চৰকাৰে পৰস্পৰে পৰস্পৰৰ প্ৰতি বিভিন্ন অভিযোগ প্ৰতি অভিযোগেৰে নেফানেফ কৰি অহা দেখা গৈছে৷ এইবাৰ এনে এক গুৰুতৰ অভিযোগ তুলিছে মহাৰাষ্ট্ৰৰ শাসকীয় দল শিৱসেনাই৷
এইবাৰ এই সংঘাতৰ ফল স্বৰূপে কেন্দ্ৰই মহাৰাষ্ট্ৰ প্ৰাণকেন্দ্ৰ মুম্বাইক মহাৰাষ্ট্ৰৰ পৰা পৃথক কৰিবলৈ তৎপৰ হৈছে৷ শিৱসেনাৰ মুখপাত্ৰ তথা সাংসদ সঞ্জয় ৰাউটে এই বিস্ফোৰক অভিযোগ কৰিছে৷
লগতে পঢ়ক লজ্জাজনক! কোন স্পা চেলুনৰ বিজ্ঞাপন ব’ৰ্ডত যৌনতাৰ মুকলি বিজ্ঞাপন?
শিৱসেনাৰ সাংসদগৰাকীৰ অভিযোগ অনুসৰি কেন্দ্ৰই মুম্বাই পৃথক কৰি মহাৰাষ্ট্ৰক পংগু কৰাৰ ষড়যন্ত্ৰ কৰিছে৷
শনিবাৰে সঞ্জয় ৰাউটে অভিযোগ কৰে যে, মুম্বাইক পৃথক কৰি কেন্দ্ৰই ইয়াৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰিব বিচাৰিছে।
তেওঁ অভিযোগ কৰা অনুসৰি ‘বিল্ডাৰৰ লবী’ আৰু বাৰানসীৰ এজন লোক এই ষড়যন্ত্ৰত চামিল হৈ আছে। শক্তিশালী লবীটোৰ নাম ল’বলৈ অস্বীকাৰ কৰি ৰাউটে কয় যে নিৰ্মাণখণ্ডৰে জড়িত এই শক্তিশালী লবীয়ে মুম্বাইক মহাৰাষ্ট্ৰৰ পৰা পৃথক কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে৷
লগতে পঢ়ক হঠাতে শিৱসাগৰত জিলা প্ৰশাসনৰ ১৪৪ ধাৰা বলৱৎ, কিন্তু কিয়?
মহাৰাষ্ট্ৰৰ শাসকীয় দল শিৱসেনাৰ বদনাম ৰটিবলৈ চেষ্টা কৰি থকা বুলি কৈ ৰাউটে এই লবীটোত বিজেপি নেতা কিৰিট সৌম্যাও চামিল হৈ আছে। ৰাউটে লগতে সজোৰে এই দাবী কৰিছে যে, পৃথক মুম্বাইৰ ষড়যন্ত্ৰ এতিয়া তুংগত উঠিছে আৰু শীঘ্ৰেই এই সম্পৰ্কীয় এক প্ৰতিবেদন কেন্দ্ৰীয় গৃহ বিভাগৰ হাতত দাখিল কৰা হ’ব।
ইফালে কেন্দ্ৰই মহাৰাষ্ট্ৰ চৰকাৰক চাপত ৰাখিবলৈ শাসকীয় নেতা-মন্ত্ৰীৰ বিৰুদ্ধে কেন্দ্ৰীয় সংস্থাৰ দ্বাৰা আক্ৰোশমূলকভাৱে তদন্ত আৰম্ভ কৰি মহাৰাষ্ট্ৰৰ মিত্ৰজোঁটৰ চৰকাৰখনৰ ওপৰতো তীব্ৰ চাপ সৃষ্টি কৰি আহিছে৷
মহাৰাষ্ট্ৰ চৰকাৰৰ বিৰুদ্ধে এনে আক্ৰোশমূলক চাপ সৃষ্টি কৰি অহাৰ সময়তে এতিয়া কেন্দ্ৰীয় চৰকাৰে মুম্বাইক পৃথক কৰি মহাৰাষ্ট্ৰক একপ্ৰকাৰে পংগু কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ উঠাতো তাৎপৰ্যপূৰ্ণ বিষয় বিবেচিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ