অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নিৰ্মাণ কৰাহ হ’ব ১০ খন নতুন উৰণীয়া সেতু৷ ইতিমেধ্য কেন্দ্ৰীয় চৰকাৰে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত ১০ খন নতুন উৰণীয়া সেতু নিৰ্মাণৰ বাবে অনুমোদন জনাইছে৷
এই ১০ খন উৰণীয়া সেতুৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৭৩৮ কোটি টকা অনুমোদন জনোৱা বুলি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে৷
উল্লেখ্য যে দিল্লীলৈ যোৱা মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাতৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তেওঁক এই কথা জনোৱা বুলি় সদৰী কৰিছে৷
লগতে পঢ়ক আৰিয়ান খান ড্ৰাগছ কেচ : ছমাহতো ব্যৰ্থ, NCBক লাগে আৰু ৯০ দিন!
ইফালে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডাকো সাক্ষাৎ কৰে৷
মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে তেওঁ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি অসমৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰু কল্যাণমূলক আঁচনিৰ বিষয়ে অৱগত কৰে।
‘‘আমাৰ ৰাজ্যত বিকাশৰ গতি ত্বৰান্বিত কৰাৰ বাবে মই তেওঁৰ আশীৰ্বাদ আৰু নিৰ্দেশনাও বিচাৰিছিলো। মই প্ৰধানমন্ত্ৰীক অসমলৈ আমন্ত্ৰণ জনাইছো। আমাৰ কিছুমান প্ৰকল্প আছে যিবোৰ তেওঁৰ দ্বাৰা উদ্বোধন কৰিবলৈ অপেক্ষা কৰি আছে। সম্ভৱতঃ প্ৰধানমন্ত্ৰী মে’ মাহত অসমলৈ আহিব,’’ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়৷
লগতে পঢ়ক চলমানেৰে সোণাক্ষীৰ বিয়া! পিতৃ শত্ৰুঘ্ন সিনহাই দিলে কি প্ৰতিক্ৰিয়া?
বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাক সাক্ষাৎ কৰাৰ পিছত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘অসমৰ মাজুলী উপ-নিৰ্বাচন আৰু পৌৰ পৰিষদৰ নিৰ্বাচনত তেওঁৰ পৰামৰ্শত বিজেপিয়ে সুন্দৰ প্ৰদৰ্শন কৰাৰ বাবে মই তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰিছো।’’
ইফালে নতুনকৈ অনুমোদিত উৰণীয়া সেঁতুৰ স্থানসমূহ হৈছে ক্ৰমে কাঠিয়াটালী, বৰঘাট, ডিমৌ, ৰহা, বাইহাটা চাৰিআলি, চিমলাগুৰি, বঙাইগাঁও শোধনাগাৰ, চাপ-আগুৰি, পাঠশালা আৰু জাগীৰোড।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ