অসম লাইভ২৪ঃ
ছয়গাঁওৰ গৰৈমাৰীত স্কুলীয়া ছাত্ৰীৰ আত্মহত্যা।
বাল্যবিবাহ বিৰোধী অভিযান চলি থকাৰ মাজতেই চৰম সিদ্ধান্ত কিশোৰীৰ৷
বিবাহপাশত আৱদ্ধ হ’ব নোৱাৰিয়েই কিশোৰীগৰাকীয়ে আত্মহত্যা কৰাৰ সন্দেহ৷
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ চৰাইমাৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা৷
ছাত্ৰী আফিফা ৰহমান আৰু যুৱক আৰিফুল হকৰ মাজত প্ৰেমৰ সম্পৰ্ক থকাৰ কথাও পোহৰলৈ৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনাক আওকাণ কৰি ৪ ফেব্ৰুৱাৰীত পলাই গৈছিল কিশোৰীগৰাকী৷
কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে কিশোৰীগৰাকীক উদ্ধাৰ কৰি যুৱক আৰিফুল হকৰ বিৰুদ্ধে অপহৰণৰ গোচৰ তৰে৷
ইতিমধ্যে আৰিফুল হকক জে’ল-হাজোতলৈ প্ৰেৰণ কৰা হৈছে৷
হীনমন্যতাৰ ভূগিয়েই যুৱতীগৰাকীয়ে চৰম সিদ্ধান্ত লোৱাৰ সন্দেহ পৰিয়ালৰ লোকৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ