পাকিস্তানৰ সীমা হাইদৰ আৰু ভাৰতৰ শচীন মীনাৰ প্ৰেম কাহিনী আপুনি নিশ্চয় জানে। ৰাজস্থানত পুনৰবাৰ তেনে এক প্ৰেমকাহিনীৰেই পুনৰাবৃত্তি হৈছে৷ এইবাৰ কাহিনীৰ চৰিত্ৰ পাকিস্তানৰ মেহৱিছ আৰু ৰাজস্থানৰ চুৰু জিলাৰ ৰেহমান। ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ দুয়োপাৰৰ দুই প্ৰেমিক চৰাই এতিয়া এক হৈ পৰিছে৷ সীমাৰ দৰেই পাকিস্তানৰ বৰ্ডাৰ পাৰ হৈ ভাৰতলৈ আহিছে মেহৱিছ৷
পাকিস্তানৰ লাহোৰৰ বাসিন্দা মেহৱিছে আনুষ্ঠানিকভাৱে চুৰু জিলাৰ পিঠিছাৰ গাঁৱৰ বাসিন্দা ৰেহমানৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে। দুয়োজনে ইমো নামৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে চিনাকি হৈছিল৷ পূৰ্বে সীমা হাইদৰ আৰু শচীনে PUBG গেমৰ জৰিয়তে অনলাইনত লগ পাইছিল। এইবাৰ ইমো এপৰ জৰিয়তে লগ হৈছে ৰেহমান আৰু মেহৱিছ৷ বাঘা বৰ্ডাৰেৰে সীমান্ত পাৰ হৈ আনুষ্ঠানিকভাৱে ভাৰতৰ মাটিত ভৰি দিছে মেহৱিছে৷
মেহৱিছ আৰু ৰেহমান একে ধৰ্মৰ
সীমা হাইদৰ আৰু শচীন মিনাৰ দুয়োজনেই বেলেগ বেলেগ ধৰ্মৰ আছিল৷ আনহাতে মেহৱিশ আৰু ৰেহমান একে ধৰ্মৰ। পূৰ্বে বিবাহিত মেহৱিছে স্বামীৰ সৈতে বিবাহ বিচ্ছেদ কৰি ৰেহমানৰ কাষলৈ আহিছে৷ ৰেহমানেও নিজা পত্নীক তালাক দি মেহৱিছক আঁকোৱালি লৈছে৷ দুয়োৰে দুটাকৈ সন্তানো আছে।
ৰাজস্থানৰ ৰেহমানৰ পত্নী হিচাপে পাকিস্তানৰ পৰা অহা মেহৱিছে পাকিস্তানৰ বিউটি পাৰ্লাৰত কাম কৰি আছিল । ২০০৬ চনত পাকিস্তানৰ বাদামি বাগৰ খুৰৰাম শ্বাহজাদৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা মেহৱিছে ১২ বছৰৰ পাছত ২০১৮ চনত স্বামীৰ সৈতে বিবাহ বিচ্ছেদ কৰে৷ মেহৱিছত প্ৰথমা স্বামীৰ পৰা দুজন পুত্ৰ সন্তান আছে। ইয়াৰে এজন পুত্ৰৰ বয়স ১২ বছৰ আৰু আনজনৰ বয়স ৭ বছৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ