সমুখত আসন নাপালে বিৰোধী দলপতিয়ে, তাকে লৈ এতিয়া কংগ্ৰেছৰ মাজত হাজাৰটা প্ৰশ্ন
স্বাধীনতা দিৱস উপলক্ষে আজি ১৫ আগষ্ট বৃহস্পতিবাৰে লালকিল্লাত একেৰাহে ১১ সংখ্যক বাৰৰ বাবে দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । লোকসভাৰ বিৰোধী দলৰ নেতা তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়েও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। স্বাধীনতা দিৱস উদযাপনৰ সময়ত ৰাহুল গান্ধীক অলিম্পিকৰ পদক বিজয়ীৰ সৈতে শেষ শাৰীত বহি থকা দেখা গৈছিল। ছচিয়েল মিডিয়াতো এই বিষয়ে বহু চৰ্চিত হৈছে। কংগ্ৰেছেও এই সন্দ্ৰভত প্ৰশ্ন উত্থাপন কৰিছে।
আচলতে অলিম্পিক পদক বিজয়ীসকলক ৰাহুলৰ আগত বহি থকা দেখা যায়। যি লাইনত তেওঁ বহি আছে, তাত হকী দলৰ কিছুমান খেলুৱৈও তেওঁৰ লগত বহি আছে। ৰাহুলৰ পিছফালে আৰু দুটা শাৰী, তাত আন কিছুমান অতিথি বহি আছে।
মন কৰিবলগীয়া কথাটো যে ১০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে স্বাধীনতা দিৱস উদযাপনৰ সময়ত লালকিল্লাত বিৰোধী দলৰ নেতা উপস্থিত আছিল। এনে পৰিস্থিতিত বিৰোধী দলপতিক পিছফালে বহিবলৈ দিয়াক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। অৱশ্যে এই সমগ্র বিষয়ত চৰকাৰৰ পৰাও এটা বিবৃতি প্ৰকাশ পাইছে৷
ৰাহুল গান্ধীক পিছফালে বহিবলৈ দিয়া সন্দৰ্ভত কংগ্ৰেছে অভিযোগ কৰিছে যে অনুষ্ঠানতো ৰাজনীতি কৰা হৈছে। কংগ্ৰেছ ৰাজ্যসভাৰ সাংসদ বিবেক তংকাই কয় যে, “কিয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইমান বেয়া আচৰণ কৰিছে? লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক চতুৰ্থ শাৰীত বহিবলৈ দিয়া হৈছে। বিৰোধী দলৰ নেতাৰ পদ কোনো কেন্দ্ৰীয় মন্ত্ৰীৰ পদতকৈও ডাঙৰ।” লোকসভাত, বিৰোধী দলপতি প্ৰধানমন্ত্ৰীৰ পিছতে আহে, চৰকাৰে কেনেকৈ এটা ৰাষ্ট্ৰীয় অনুষ্ঠানক ৰাজনীতিকৰণ কৰিবলৈ দিব পাৰে?
একে সময়তে ৰাহুল গান্ধীৰ বহা স্থিতি সন্দৰ্ভত চলি থকা প্ৰশ্ন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চৰকাৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে এইবাৰ অলিম্পিক পদক বিজয়ীসকলক সন্মুখৰ শাৰী আবণ্টন দিবলগীয়া হৈছিল, যাৰ বাবে ৰাহুল গান্ধীয়ে পিছৰ শাৰীত বহিবলগীয়া হৈছিল। স্বাধীনতা দিৱসৰ কাৰ্যসূচী আয়োজন কৰা আৰু ইয়াৰ আসনৰ পৰিকল্পনা কৰাটো প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ দায়িত্ব। একাংশ কেন্দ্ৰীয় মন্ত্ৰীয়েও এইবাৰ পিছত বহিবলগীয়া হোৱা বুলি সূত্ৰই প্ৰকাশ কৰিছে।
উল্লেখ্য যে, প্ৰট’কল অনুসৰি লোকসভাত বিৰোধী দলৰ নেতাক সদায় আগশাৰীৰ আসন দিয়া হয়। এইবাৰ আগশাৰীত বহি আছিল ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় আৰু কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ, শিৱৰাজ সিং চৌহান, অমিত শ্বাহ আৰু এছ জয়শংকৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















