শোচনীয় পৰাজয়ৰ দিশে কংগ্ৰেছ। মিছা হোৱাৰ পথত এগজিট প’লৰ তথ্য!
অসম লাইভ২৪ঃ নিৰ্বাচনৰ পূৰ্বে চাৰিওখন ৰাজ্যত প্ৰতিশ্ৰুতিৰ গংগা বোৱাই নিয়া কংগ্ৰেছৰ ফলাফলৰ দিনটোত আজি সম্পূৰ্ণ বিপৰীত ছবি। দুখনটো বাদেই এখন ৰাজ্যতো কংগ্ৰেছে চৰকাৰ গঠন কৰিব পাৰিব নে নোৱাৰে তাক লৈও প্ৰশ্ন উত্থাপন হৈছে। নিজ দখলত থকা ৰাজস্থান, চত্তীশগড়তো দুৰ্বল প্ৰদৰ্শন কংগ্ৰেছৰ। একমাত্ৰ তেলেংগানাত সন্মান ৰক্ষা যুঁজত কংগ্ৰেছ। নিৰ্বাচনৰ পিছত প্ৰকাশিত এক্সিট প’লে কংগ্ৰেছক বৃহত্ জয়ৰ সম্ভাৱনা প্ৰকাশ কৰিছিল যদিও বাস্তৱ ক্ষেত্ৰত তাৰ ওলোটা ছবি প্ৰতিফলিত হৈছে। চাৰি ৰাজ্যৰ ভিতৰত তিনিখন ৰাজ্যতে বিজেপিৰ বৃহত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে তেলেংগানাত কংগ্ৰেছে লাভ কৰিছে অগ্ৰগতি। ইয়াৰ বিপৰীতে মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তিশগড়ত চলিছে মোডী মেজিক। ছেমি ফাইনেল হিচাপে পৰিগণিত হোৱা মধ্যপ্ৰদেশ নিৰ্বাচনৰ পূৰ্বে বিজেপিত ব্যাপক খহনীয়া হোৱাৰ পিছতো কিন্তু বৰ্তমান সময়লৈকে বিজেপিয়ে সুন্দৰ প্ৰদৰ্শন দেখুওৱাৰ বিপৰীতে কংগ্ৰেছৰ অৱস্থা দুখজনক। শিক্ষা পাইয়ো যেন শিকিব পৰা নাই কংগ্ৰেছে! অতি সহজে অত্যুতসাহী হৈ পৰা কংগ্ৰেছ দলৰ বাবে লোকসভা নিৰ্বাচনৰ পূৰ্বে এই নিৰ্বাচন আছিল অতি গুৰুত্বৰপূৰ্ণ। কাৰণ ৩ ৰাজ্যত পৰাস্ত মানেই যেন ৰাহুল গান্ধীৰ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন চূৰমাৰ হোৱাৰ দিশত। শাসনৰ বাহিৰে বৰ্তমানলৈকে চলি থকা ভোটগননাত তেলেংগানাৰ বাহিৰে ৩ ৰাজ্যত পিছ পৰি আছে কংগ্ৰেছ। আজিৰ এই ফলাফলৰ পিছত বিধানসভাৰ লগতে লোকসভা নিৰ্বাচনটো বিজেপিৰ অৱধাৰিত, নিৰৱিচ্ছিন্ন বিজয় ধাৰা অব্যাহত ৰখাৰ পূৰ্ণ সম্ভাৱনা প্ৰকট হৈ পৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ