অসম লাইভ২৪ঃ সন্মুখত মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচন। নিৰ্বাচনী প্ৰচাৰত ব্যস্ত এতিয়া প্ৰতিটো দলেই। নিৰ্বাচনী প্ৰচাৰৰ বাবে খোদ প্ৰধানমন্ত্ৰীয়েই এইবাৰ উপস্থিত হৈছে মধ্যপ্ৰদেশত। ভোপালত ভাষণৰ মাজতে কংগ্ৰেছক কটু সমালোচনা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। কংগ্ৰেছ দলক আক্ৰমণ কৰি প্ৰধানমন্ত্ৰীয়ে বক্তব্যত কয় যে কংগ্ৰেছে ক্ষমতা দখল কৰিলে মধ্যপ্ৰদেশক অসুস্থ কৰি তুলিব। প্ৰধানমন্ত্ৰীৰ মন্তব্য যে, দেশৰ যি কেইখন ৰাজ্যত কংগ্ৰেছ ক্ষমতালৈ আহিছে আটাইকেইখন ৰাজ্যকেই ধ্বংস কৰিছে কংগ্ৰেছে।
সোমবাৰে ভোপালত বিজেপিৰ কাৰ্যকৰ্তা মহাকুম্বৰ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘৩০ বছৰ ধৰি মধ্য প্ৰদেশ শাসন কৰিছে বিজেপিয়ে। কংগ্ৰেছ ক্ষমতাত থকা অৱস্থাত দেশৰ জনতা যি দুৰ্দিনৰ মুখামুখি হৈছিল সেই অতীত মানুহে পাহৰা নাই। স্বাধীনতাৰ পাছত কেইবাবছৰ কংগ্ৰেছে মধ্যপ্ৰদেশতো শাসন কৰিছিল। সেই বছৰকেইটাতেই মধ্যপ্ৰদেশক কংগ্ৰেছে ধ্বংস কৰি পেলালে। আমি ক্ষমতা দখল কৰি মধ্যপ্ৰদেশক কিছু পৰিমানে সুস্থিৰ কৰিছো।’
কংগ্ৰেছক টাৰ্গেট কৰি প্ৰধানমন্ত্ৰীয়ে লগতে কয়, ‘৫০ বছৰ আগতেই কংগ্ৰেছে গৰিবি হাটাও শ্লোগান দিছিল। কিন্তু বাস্তৱত সেয়া কৰি দেখুৱাব পাৰিলে জানো? ১৩.৫ কোটি দৰিদ্ৰ লোকক বিশেষ সুবিধা প্রদানেৰে বিজেপিয়ে আগুৱাই নিছে। কংগ্ৰেছৰ অৰ্থই হৈছে শাসনৰ নামত পৰিবেশ বিনষ্ট কৰা। যিসমূহ ৰাজ্যত কংগ্ৰেছৰ শাসন আছে সেইসমূহত দুৰ্নীতিৰ বাবেই দুখীয়া মানুহৰ সংখ্যা বৃদ্ধি হৈছে।’
মহিলা সংৰক্ষণ বিলক লৈ দেশত চৰ্চা চলি থকাৰ সময়তে বিতৰ্কও সৃষ্টি হৈছে। এই প্ৰেক্ষাপটক কংগ্ৰেছে সমৰ্থন কৰিও যা তা কথা কৈ বিতৰ্কৰ সৃষ্টি কৰি আছে। এই সন্দৰ্ভত প্রধানমন্ত্ৰী মোদীয়ে কয়, ‘কংগ্ৰেছে যিয়েই নকওক আমাৰ মাতৃ, ভগ্নীসকল ৰাজনীতিক লৈ সচেতন। মধ্যপ্ৰদেশত আমি মহিলাৰ সামাজিক স্থিতি উন্নীতকৰণৰ বাবে কাম কৰিছো।এইবাৰ আমি পাছ কৰোৱা বিলখনে প্ৰত্যেকগৰাকী মহিলাকেই উপকৃত কৰিব।’
কংগ্ৰেছৰ পৰিয়ালতান্ত্ৰীক ৰাজনীতিকো সমালোচনা কৰিবলৈ নাপাহৰিলে প্রধানমন্ত্ৰীয়ে। কংগ্ৰেছক সমালোচনা কৰি প্রধানমন্ত্ৰীয়ে কয়, ‘গণতন্ত্ৰক নিজৰ পৰিয়ালৰ মাজতেই বান্ধি ৰাখিছে কংগ্ৰেছে। দেশৰ দৰিদ্ৰ জনতাৰ কথা ভাৱিবলৈ তেওঁলোকৰ সময় ক’ত? কংগ্ৰেছে কেতিয়াও বিচৰা নাই এই দেশৰ অৱস্থাৰ পৰিবৰ্তন হওক। সকলো ভাল কামতেই কংগ্ৰেছে খুত উলিয়াই। UPI অনলাইন লেনদেন ব্যৱস্থা আৰম্ভ কৰোতেও কংগ্ৰেছে সমালোচনা কৰিছিল। কিন্তু এই UPIৰ মাধ্যমেৰে দেশত আৰ্থিক লেনদেন ভালহে হৈছে।
উল্লেখ্য যে জন সংঘৰ সহ প্ৰতিষ্ঠাতা দীনদয়াল উপাধ্যায়ৰ জন্মবাৰ্ষিকী উপলক্ষ্যে ভোপালৰ জাম্বোৰি ময়দানৰ বিজেপিয়ে আয়োজন কৰা ‘জন আশীৰ্বাদ যাত্ৰা’ৰ সমাপ্তি অনুষ্ঠানত উপস্থিত হৈ এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। বিগত ৬মাহত প্রধানমন্ত্ৰীৰ এয়া সপ্তমটো মধ্যপ্ৰদেশ ভ্ৰমণ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ