কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গোলাম নবী আজাদে কংগ্ৰেছ ত্যাগ কৰিছে। কংগ্ৰেছৰ সকলো পদৰ পৰা পদত্যাগ কৰিছে জন্মু আৰু কাশ্মীৰৰ শীৰ্ষ কংগ্ৰেছ নেতাগৰাকীয়ে। শুকুৰবাৰে আজাদে কংগ্ৰেছ নেত্ৰী ছোনিয়ালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে৷ পদত্যাগ পত্ৰত ক্ষোভ প্ৰকাশ কৰি গুলাম নবী আজাদে কয় যে দলে পক্ষপাতিত্ব কৰাৰ পিছত কংগ্ৰেছে দেশৰ বাবে যোগাত্মক কাম কৰাত ব্যৰ্থ হৈছে।
পাঁচ পৃষ্ঠাৰ পদত্যাগ পত্ৰত গুলাম নবী আদাজে লিখিছে সমগ্ৰ সাংগঠনিক নিৰ্বাচন প্ৰক্ৰিয়াটো এক প্ৰহসন। কংগ্রেছৰ প্রাক্তন সভাপতি ৰাহুল গান্ধীৰ নাম নোলোৱাকৈ লক্ষ্য কৰি প্রবীণ নেতাগৰাকীয়ে লিখিছে, যোৱা আঠ বছৰত তেওঁক নেতৃত্ব দিয়া ব্যক্তিজন ‘অপৰিপক্ক’ হোৱাৰ বাবেই এই সকলোবোৰ ঘটিছে৷
পদত্যাগী আজাদে পদত্যাগ পত্ৰত কংগ্ৰেছৰ সৈতে থকা দীৰ্ঘদিনীয়া সম্পৰ্কক আলোকপাত কৰিছে৷ আনকি তেওঁ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সৈতে থকা ‘ঘনিষ্ঠ সম্পৰ্ক’ৰ বিষয়েও উল্লেখ কৰিছে।
লগতে পঢ়ক যুৱতীৰে মহাবিদ্যালয়ৰ অধ্যক্ষৰ যৌনগন্ধী বাৰ্তালাপ! অপসাৰণৰ দাবীত উত্তাল প্ৰতিবাদ
কিছুদিন পূৰ্বে জম্মু-কাশ্মীৰ প্ৰচাৰ সমিতি আৰু ৰাজনৈতিক পৰিক্ৰমা পেনেলৰ পৰা পদত্যাগ কৰিছিল গুলাম নবী আজাদে। ২০২০ চনৰ আগষ্ট মাহত কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীলৈ দলীয় নিৰ্বাচন আৰু স্থায়ী সভাপতি নিযুক্তিৰ দাবীত পত্ৰ প্ৰেৰণ কৰা ২৩ জন নেতাৰ ভিতৰত আজাদো আছিল।
কিছুদিন পূৰ্বে কংগ্ৰেছৰ ‘ক্ষুব্ধ’ ফৈদৰ নেতা হিচাপে পৰিচিত আনন্দ শৰ্মাই হিমাচল প্ৰদেশৰ ‘পৰ্যবেক্ষণ সমিতি’ৰ মুৰব্বী পদৰ পৰা পদত্যাগ কৰিছিল। ইয়াৰ পূৰ্বে আনন্দৰ পদত্যাগে কংগ্ৰেছ শিবিৰক যথেষ্ট অস্বস্তিত পেলায়। আনন্দ শৰ্মাৰ পিছত গুলাম নবী আজাদৰ কংগ্ৰেছ ত্যাগে কংগ্ৰেছৰ ভিতৰ চ’ৰাত দলীয় অসন্তুষ্টি বৃদ্ধি হোৱাটোকে প্ৰমাণ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ