অসম লাইভ ২৪ : বিশ্ব মহামাৰীত ক’ৰোনাৰ টিকা ল’লে বিনামূলীয়াকৈ পাব পিজ্জা, পেষ্টি, কফি। ইমানেই নহয়, বাৰত সুৰাপানৰো সুবিধা পাব ক’ৰোনা ভেকচিন ল’লে। জনসাধাৰণৰ মনত থকা ভেকচিন ভীতি আঁতৰাবলৈ প্ৰশাসনে গ্ৰহণ কৰিছে এই ব্যৱস্থা। অৱশ্যে এই সুবিধা নাপাব ভাৰতত। ইজৰাইলৰ তেল আভিভত ক’ভিডৰ ভেকচিন ল’বলৈ অনিচ্ছুক লোকক আকৰ্ষিত কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে। টিকা গ্ৰহণৰ পাছৰ নিজৰ ইচ্ছা অনুসৰি বাছি ল’ব পাৰিব পিজ্জা, পেষ্টি, কফি, সুৰা ইত্যাদি। ভেকচিন গ্ৰহণৰ পাছতহে বাৰ, ৰেস্তোৰাঁ বা জীমত প্ৰৱেশৰ অনুমতি দিছে প্ৰশাসনে। কিছুমান শ্বপিং মলতো এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। উল্লেখ্য ইতিমধ্যে ইজৰাইলৰ ৪৩ শতাংশ লোকে ক’ভিডৰ টিকা গ্ৰহণ কৰিছে। ইজৰাইলত ফাইজাৰৰ টিকা দিয়া হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ