দেশত কোভিডৰ নতুন ভেৰিয়েণ্ট এক্সএ আবিৰ্ভাৱ ঘটা বুলি চৰ্চা চলি থকাৰ সময়তে পুনৰ কোভিড আক্ৰান্ত আৰু মৃতকৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে৷
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত কোভিড আক্ৰান্ত আৰু মৃতকৰ সংখ্যা বিগত দিনসমূহতকৈ বৃদ্ধি পাইছে৷
স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি দেশত যোৱা ২৪ ঘণ্টাত ১,০৩৩ গৰাকী লোক কোভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ৪৩ গৰাকী আক্ৰান্তৰ মৃত্যু হৈছে৷
লগতে পঢ়ক এইবাৰ চীনা সৈন্যৰ নহয়, লাডাখৰ পাৱাৰ গ্ৰীডত চীনা চাইবাৰ আক্ৰমণ!
আনহাতে, দিনটোত ১,২২২ গৰাকী আক্ৰান্ত কোভিডমুক্ত হৈছে৷ দিনটোত কোভিড সক্ৰিয় হৈ থকা লোকৰ সংখ্যা হ’ল ১১,৬৩৯ গৰাকী৷ যোৱা ২৪ ঘণ্টাত প্ৰায় ৪,৮২,০৩৯ গৰাকী লোকৰ কোভিড পৰীক্ষা কৰা হৈছে।
ইফালে যোৱা ২৪ ঘণ্টাত মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে দেশত কোভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৫,২১,৫৩০ গৰাকীলৈ বৃদ্ধি পাইছে৷ এতিয়ালৈকে কোভিডমুক্ত লোকৰ সংখ্যা হৈছে ৪,২৪,৯৮,৭৮৯ গৰাকী। দেশত যোৱা ২৪ ঘণ্টাত কোভিড পজিটিভিটিৰ হাৰ হৈছে ০.২১ শতাংশ।
লগতে পঢ়ক সাৱধান! ভাৰতত কোভিডৰ নতুন ভিৰিয়েণ্ট এক্স! এজন আক্ৰান্ত
চৰকাৰী তথ্যৰ মতে দেশত কোভিড-১৯ টিকাকৰণ অভিযানৰ অধীনত প্ৰদান কৰা সামগ্ৰিক পালিৰ সংখ্যা হৈছে ১৮৫.২০ কোটি। উল্লেখ্য দেশত কালি কোভিডৰ আটাইতকৈ সংক্ৰামক প্ৰজাতি এক্স ই ধৰা পৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ