অষ্ট্ৰেলিয়াই নিৰ্বাচন কৰিলে বৰ্ষটোৰ শ্ৰেষ্ঠ ‘টেষ্ট দল’, দলৰ অধিনায়ক এজন ভাৰতীয়হে
অষ্ট্ৰেলিয়াৰ ক্ৰিকেট বৰ্ড ক্ৰিকেট অষ্ট্ৰেলিয়াই ২০২৪ চনৰ শ্ৰেষ্ঠ টেষ্ট দল ঘোষণা কৰিছে। পাছে ক্ৰিকেট অষ্ট্ৰেলিয়াই আশ্চৰ্যজনকভাৱে পেট কামিন্সৰ পৰিৱৰ্তে এজন ভাৰতীয়কহে এই শ্ৰেষ্ঠ দলটোৰ অধিনয়াক নিৰ্বাচিত কৰিছে।
লগতে এইদলটোত স্থান পাইছে আন এগৰাকী ভাৰতীয় ক্ৰিকেটাৰেও।এই শ্ৰেষ্ঠ টেষ্ট দলটোত স্থান পাইছে ভাৰতৰ লগতে নিউজিলেণ্ড, শ্ৰীলংকা, ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ খেলুৱৈয়ে।
https://x.com/cricketcomau/status/1873955084482338964
দলটোৰ অধিনায়ক নিৰ্বাচিত কৰিছে জেছপ্ৰিত বুমৰাহক। একে সময়তে টেষ্ট দলত অ’পেনাৰ হিচাপে ক্ৰিকেট অষ্ট্ৰেলিয়াৰ পচন্দ হৈ পৰিছে যুৱ খেলুৱৈ যশস্বী জয়ছোৱাল। জয়ছোৱালৰ লগতে বেন ডাকেটকো এই দলত অ’পেনাৰ হিচাপে নিৰ্বাচিত কৰা হৈছে।
ইয়াৰ উপৰিও ক্ৰিকেট অষ্ট্ৰেলিয়াই এই বছৰটোৰ শ্ৰেষ্ঠ দলত জো ৰুটক তৃতীয় স্থানত স্থান দিছে। দলত স্থান পোৱা অন্য সকল- ৰবিন ৰচিন্দ্ৰ, হেৰী ব্ৰুক, কামিন্দু মেণ্ডিছ, এলেক্স কেৰী (উইকেটকীপাৰ), মেট হেনৰী, জছ হেজেলউড আৰু কেশৱ মহাৰাজ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















