ঘূৰ্ণীবতাহৰ বাবে প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী; অসমসহ ১৫ ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা
আহিন মাহ পৰাৰ পাছতো প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসীক। অসমৰ লগতে দেশৰ কেইবাখনো ঠাইত এতিয়াও গৰম হ্ৰাস হোৱাৰ নাম নাই। কিন্তু তাৰ মাজতে বংগোপসাগৰত গঠন হোৱা নতুন ঘূৰ্ণীবতাহৰ পৰিসঞ্চালনৰ বাবে তীব্ৰ ঘূৰ্ণীবতাহৰ সৃষ্টি হ’ব আৰু সমগ্ৰ দেশতে আকৌ এবাৰ প্ৰবল বৰষুণ হ’ব পাৰে।
বতৰ বিজ্ঞান বিভাগে অহা সপ্তাহত উত্তৰ ভাৰত আৰু উত্তৰ পূৱ ভাৰতৰ বহু ৰাজ্যত প্ৰবল বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে। আজিও বতৰ বিজ্ঞান বিভাগে অসম সহ দেশৰ ১৫খন ৰাজ্যত মুষলধাৰ বৰষুণৰ সতৰ্কবাণী দিছে। এই ৰাজ্য কেইখন কেৰালা, কৰ্ণাটক, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, ছত্তীশগড়, দিল্লী, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, ওড়িশা আৰু গোৱাত ধাৰাসাৰ বৰষুণ হব।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আগন্তুক ২ দিনত বৰষুণৰ কোনো সম্ভাৱনা নাই যদিও ২৫ তাৰিখৰ নিশাৰ পৰা বতৰ সলনি হ’ব। ইয়াৰ পিছত ভাল বৰষুণৰ সম্ভাৱনা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ