পুত্ৰই কৰিছে ৰাজ্যৰ সৰ্ববৃহৎ বিত্তীয় কেলংকাৰী৷ বিনিয়োগৰাকাৰীয়ে হেৰুওৱা ধন বিচাৰি উত্তাল কৰিছে দীপাংকৰ বৰ্মণৰ কাৰ্যালয়ৰ লগতে বাসগৃহও৷ চিট ফাণ্ড কেলেংকাৰীৰ নামত কোটি কোটি টকা লুণ্ঠন কৰি পলায়ন কৰা মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনৰ প্ৰেয়সীক আটক কৰিছে মহানগৰ আৰক্ষীয়ে।
খাৰঘূলিৰ পৰা পাণবজাৰ আৰক্ষীয়ে আটক কৰিছে পলাতক দীপাংকৰ প্ৰেয়সীক৷ বৰ্তমান পাণবজাৰ মহিলা থানাত আছে দীপাংকৰৰ প্ৰেয়সী। বিদেশলৈ যাতে পলায়ন কৰিব নোৱাৰে তাৰ বাবে বাতিল কৰা হৈছে প্ৰৱঞ্চক দীপাংকৰ বৰ্মনৰ ভিছা আবেদনো।
DB STOCK BROKING কোম্পানীৰ নামত কোটি কোটি টকা লুণ্ঠন কৰিছে দীপাংকৰ বৰ্মনে। মহানগৰীৰ বৰা ছাৰ্ভিচত সুবিশাল, আটকধুনীয়া কাৰ্যালয় খুলি চিট ফাণ্ডৰ নামত লুণ্ঠনৰাজ চলাইছিল দীপাংকৰে। কোটি কোটি টকা লৈ উধাও হৈছে মহা প্ৰৱঞ্চক দীপাংকৰে। অধিক লাভৰ আশাত কষ্টৰ ধন বিনিয়োগ কৰি মূলধনো হেৰুৱাবলগীয়া হৈছে গ্ৰাহকসকলে।
SEBI আৰু RBIৰ সকলো নীতি-নিয়ম ভংগ কৰি প্ৰতি মাহত ৭ শতাংশ লাভৰ লালসাৰে সাধাৰণ লোকক বিনিয়োগৰ টোপ দিছিল দীপাংকৰ বৰ্মনে। অৱশেষত সৰ্বস্বান্ত গ্ৰাহকে আৰক্ষীৰ কাষ চাপিছে৷ জানিব পৰা মতে, ২০১৮ চনতে আৰম্ভ কৰা DB STOCK BROKINGৰ প্ৰায় ১৬ হাজাৰ বিনিয়োগকাৰী আছে। ডি বি ষ্টক ব্ৰ’কিঙত ধন বিনিয়োগ কৰিছিল চাকৰিয়ালৰ পৰা ব্যৱসায়ীলৈকে।
গ্ৰাহকে ধন ঘূৰাই নাপাই ঘেৰাও কৰি ৰাখিছে জালুকবাৰীস্থিত প্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ ঘৰ। দীপাংকৰৰ পিতৃকো আক্ৰমণ কৰা বুলি অভিযোগ দিছে এইবাৰ দীপাংকৰৰ পিতৃয়ে৷ পিতৃ মাতৃক ঘৰতেই আৱদ্ধ কৰি ৰাখিছে বিনিয়োগৰাকীয়ে৷ বিগত চাৰিদিন ধৰি বিনিয়োগকাৰীয়ে ভীৰ কৰি আছে দীপাংকৰৰ পিতৃ গৃহ৷ বিগত নিশা একাংশ বিনিয়োগকাৰীয়ে দীপাংকৰৰ পিতৃগৃহত লুটপাট চলোৱাৰো অভিযোগ উত্থাপিত হৈছে৷
পিতৃয়ে আমাৰ সাংবাদিকৰ আগত কয়, ‘মোৰ হাতত এতিয়া দৰৱ খাবলৈকো ১০টকা নাই৷ মোৰ লৰাই কি কৰিছে তাৰ বিৰুদ্ধে ব্যৱস্থা আইনে ল’ব৷ মই পেঞ্চনৰ টকাৰে যেনেতেনে চলি থকা মানুহ৷ এতিয়া বহুলোকে মোৰ ঘৰত প্ৰৱেশ কৰি মোৰ এটিএম, টকা সকলো কাঢ়ি নিছে৷ ওলাই যাবলৈ হাতত এক পইছাও নাই৷’
মাতৃয়েও কান্দি কান্দি সংবাদ মাধ্যমৰ আগত কয়, ‘আমাক বিগত চাৰিদিন ধৰি শাৰীৰিক মানসিক অত্যাচাৰ চলাইছে একাংশ লোকে৷ আমি ঘৰৰ পৰা ওলাব পৰা নাই৷ ঘৰত সোমাই ঘৰৰ বস্তুও কাঢ়ি নিছে৷ মই নিশা ৩বজাত পলাই পলাই থানালৈ গৈছো৷ থানাত মোৰ মেডিকেল টেষ্ট চলিল৷ মই বাহিৰলৈ যাওঁতে মোৰ ওপৰত শাৰীৰিক আক্ৰমণো চলিছে৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ