• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

3 months ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

14 minutes ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

1 hour ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

2 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

10 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

11 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

11 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

12 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

13 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

13 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

14 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

14 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

অভিষেক পোৰেলৰ পৰা জব্দ কৰা হৈছে এটা পেন ড্ৰাইভ

editor by editor
July 21, 2026
in অপৰাধ, ক্ৰীড়া, বিনোদন
0
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ
0
SHARES
340
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
সময়ে সময়ে ক্ৰিকেটাৰসকলে বিভিন্ন অপৰাধৰ সৈতে জড়িত হৈ নিজৰ কেৰিয়াৰলৈ বিপদ কঢ়িয়াই আনে। বিশেষকৈ বিগত সময়ত ধ*ৰ্ষণৰ অভিযোগত দুই-এজন ক্ৰিকেটাৰে নিজৰেই কেৰিয়াৰলৈ ভাবুকি কঢ়িয়াই অনা বাতৰিয়ে সংবাদপত্ৰৰ শিৰোনাম দখল কৰিছিল। বিগত সময়ছোৱাত RCBৰ শিবিৰত থকা পেচ বলাৰ য়ছ দয়ালৰ বিৰুদ্ধেও মহিলাক শাৰীৰিক নি*ৰ্যাতনৰ অভিযোগ সন্দৰ্ভত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বিভিন্ন বাতৰি প্ৰকাশ পাইছিল।
শেহতীয়াকৈ দিল্লী কেপিটেলছৰ নিৰ্ভৰযোগ্য উইকেটকীপাৰ বেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধেও ধ*ৰ্ষণৰ অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যে কলকাতা উচ্চ ন্যায়ালয়ে অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছে। লগতে ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত ব্যক্তিগত ফটো আৰু ভিডিঅ’ যাতে ৰাজহুৱা নহয়, সেই উদ্দেশ্যে পোৰেলৰ ইলেক্ট্ৰনিক ডিভাইচসমূহ জব্দ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে।

অভিষেক পোৰেলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

২৩ বছৰীয়া উইকেটকীপাৰ-বেটছমেন অভিষেক পোৰেলে বংগৰ হৈ ১১৬খন মেচ আৰু দিল্লী কেপিটেলছৰ হৈ ৩৫খন মেচ খেলিছে, তেওঁৰ বিৰুদ্ধে এগৰাকী মহিলাই বিৱাহৰ প্ৰতিশ্ৰুতি দি শাৰী*ৰিক সম্পৰ্ক স্থাপন কৰা, ব্যক্তিগত মুহূৰ্তসমূহৰ ভিডিঅ’ ৰেকৰ্ড কৰা আৰু পিছত ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে। দিল্লী কেপিটেলছে বিগত IPLত পোৰেলক ৪ কোটি টকাত দলত ৰিটেইন কৰিছিল। অভিযোগকাৰী মহিলাগৰাকীৰ এজাহাৰ অনুসৰি, ২০২৩ চনৰ জানুৱাৰীত তেওঁৰ সৈতে পোৰেলৰ চিনাকি হয়। মহিলাগৰাকীৰ অভিযোগ যে, পোৰেলে তেওঁক মংকুণ্ডুৰ ফ্লেটলৈ লৈ গৈ বিৱাহৰ আশ্বাস দি শাৰী*ৰিক সম্পৰ্ক স্থাপন কৰিছিল। পিছত তেওঁ জানিব পাৰে যে পোৰেলৰ আন কেইবাগৰাকীও মহিলাৰ সৈতে সম্পৰ্ক আছিল।

ভুক্তভোগী মহিলাক ভাবুকি দিয়াৰো অভিযোগ

ভুক্তভোগী মহিলাগৰাকীয়ে এই অভিযোগো কৰিছে যে তেওঁক অবৈধভাৱে আৱদ্ধ কৰি ৰখা হৈছিল, খাবলৈ খাদ্য দিয়া হোৱা নাছিল আৰু শাৰীৰিক নিৰ্যাতনো কৰা হৈছিল। মহিলাগৰাকীয়ে লগতে অভিযোগ কৰে যে  ২০২৬ চনৰ ২ এপ্ৰিলত দিল্লীত সংঘটিত এক ঘটনাৰ পিছত তেওঁৰ শাৰীৰিক অৱস্থাৰ যথেষ্ট অৱনতি ঘটে আৰু তৎক্ষণাত চিকিৎসা গ্ৰহণ কৰিবলগীয়া হয়। লগতে অভিষেক পোৰেলে মহিলাগৰাকীক ফোন আৰু ছ’চিয়েল মিডিয়াৰ জৰিয়তেও ভাবুকি প্ৰদান কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে।

অভিষেক পোৰেলৰ পৰা জব্দ কৰা হৈছে এটা পেন ড্ৰাইভ

উচ্চ ন্যায়ালয়ে গোচৰটো সন্দৰ্ভত মন্তব্য কৰে যে তদন্তকালত ক্ৰিকেটাৰজনৰ পৰা এটা পেন ড্ৰাইভ জব্দ কৰা হৈছে, য’ত গুৰুত্বপূৰ্ণ ডিজিটেল প্ৰমাণ থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। ব্যক্তিগত তথ্য বা ভিডিঅ’ অধিক প্ৰচাৰ হোৱাটো ৰোধ কৰিবলৈ পোৰেলক গ্ৰেপ্তাৰ কৰি তেওঁৰ ইলেক্ট্ৰনিক ডিভাইচসমূহ জব্দ কৰাটো প্ৰয়োজনীয় বুলি আদালতে মত প্ৰকাশ কৰে। অভিষেক পোৰেলৰ বিৰুদ্ধে মহিলাগৰাকীয়ে ২৩ জুনত মোগৰা থানাত ৰুজু কৰিছিল গোচৰ। অৱশ্যে ক্ৰিকেটাৰ অভিষেক পোৰেলে তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ অস্বীকাৰ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: abhishek porelasom live24Delhi Capitalsipl
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?
বিনোদন

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

October 13, 2026
বিজেপি নেতাৰ গৃহত ডকাইতি
ৰাজনীতি

বিজেপি নেতাৰ গৃহত ডকাইতি

October 13, 2026
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!
অপৰাধ

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

October 13, 2026
চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!
বিনোদন

চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

October 13, 2026
Next Post
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে'লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.