দিল্লীত পদুম প্ৰায় ফুলাৰ দিশে৷ ঝাড়ুৰ অস্তিত্ব বিপন্ন কৰি আগবাঢ়িছে পদ্মশিৱিৰ৷ নিৰ্বাচনৰ ময়দানত পৰাস্ত হৈছে আম আদমি প্ৰধান কেজৰিৱাল নিজেও৷ নতুন দিল্লীৰ বিধানসভা আসনত পৰাজয় বৰণ কৰিছে আম আদমী পাৰ্টীৰ প্ৰধান অৰবিন্দ কেজৰিৱালে৷ বৰ্তমানলৈকে অহা ভোটগণনাৰ খবৰ অনুসৰি প্ৰায় ৩হাজাৰ ভোটত হাৰিছে অৰবিন্দ কেজৰিৱাল৷ কেৱল কেজৰিৱালেই নহয় জংপুৰাৰ পৰা পৰাজিত হৈছে মণীশ ছিচোডিয়াও৷ ৬০০ ভোটত বিজেপি প্ৰাৰ্থীৰ হাতত পৰাস্ত হৈছে মণীশ ছিচোডিয়া৷ আপৰ দুৰ্গতিৰ সময়তেই অৱশ্যে নিজৰ আসন সুনিশ্চিত কৰি ৰাখিবলৈ সক্ষম হৈছে আতিশি মাৰলেনাই৷ কালকাজি সমষ্টিৰ পৰা প্ৰায় ৪ ভোটত জয়ী হৈছে আতিশি মাৰলেনা৷
২০১৩ চনৰ পৰা নতুন দিল্লীত শাসনৰ গাদী দখল কৰি আছিল আম আদমী পাৰ্টীৰ প্ৰধান কেজৰিৱালে৷ কংগ্ৰেছৰ ষ্টলৱাৰ্ট আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতক হৰুৱাই এই আসন দখল কৰিছিল এই সময়ৰ দুৰ্নীতি বিৰোধী আন্দোলনৰ পোষ্টাৰ বয় কেজৰিৱালে৷ সেই আসনতেই ১২ বছৰৰ পাছত মুখথেকেচা খালে কেজৰিৱালে৷ জনতা জনাৰ্দনে এইবাৰ কেজৰিক বিচৰা নাই৷ বিজেপিৰ পৰবেশ বাৰ্মাৰ হাতত পৰাস্ত হৈছে অৰবিন্দ কেজৰিৱাল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ