• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাধু কথাতে ৰ’বগৈ নেকি নগদ ধন? দেশত ডিজিটেল পেমেণ্ট প্ৰসাৰৰ কৃতিত্ব কাৰ?

সাধু কথাতে ৰ’বগৈ নেকি নগদ ধন? দেশত ডিজিটেল পেমেণ্ট প্ৰসাৰৰ কৃতিত্ব কাৰ?

3 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

3 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

3 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

3 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, February 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

সাধু কথাতে ৰ’বগৈ নেকি নগদ ধন? দেশত ডিজিটেল পেমেণ্ট প্ৰসাৰৰ কৃতিত্ব কাৰ?

editor by editor
September 3, 2022
in অসম, বাণিজ্য, ভাৰত, লেখা
0
সাধু কথাতে ৰ’বগৈ নেকি নগদ ধন? দেশত ডিজিটেল পেমেণ্ট প্ৰসাৰৰ কৃতিত্ব কাৰ?
0
SHARES
918
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰিজার্ভ বেংক অব ইণ্ডিয়া হৈছে ভাৰতৰ কেন্দ্ৰীয় বেংক যি বেংক স্বাভাৱিকতে দেশৰ অর্থনৈতিক আৰু বিত্তীয় আঁচনি আৰু নীতি প্ৰণয়ণ-ৰূপায়ন প্ৰক্ৰিয়াৰ এক চালিকা শক্তি ৷

আমাৰ দেশত বিগত কিছু বছৰ ধৰি ধনৰ নগদ লেনদেনৰ সলনি ইলেকট্ৰনিক সঁজুলিৰে কৰিব পৰা ডিজিটেল পেমেণ্ট পদ্ধতিৰ প্ৰয়োগ বাঢ়িবলৈ লৈছে ৷

আন্ত:ৰাষ্ট্ৰীয় বাতৰি কাকত ফাইনেন্স এণ্ড ডেভেলপমেণ্টৰ সাংবাদিক জেফ কার্ণচে তেওঁৰ এক শেহতীয়া লিখনীত ভাৰতৰ ডিজিটেল পেমেণ্ট পদ্ধতিৰ প্ৰসাৰৰ বাবে ৰিজার্ভ বেংকে গ্ৰহণ কৰা ভূমিকাৰ ভূয়সী প্ৰশংসা কৰে৷

মুম্বাইৰ ফর্ট জিলাত ১৯৮১ চনত ৰিজার্ভ বেংকৰ কেইবা মহলীয়া মুখ্য কার্য্যালয় ভৱন উন্মোচন কৰা হৈছিল৷

সেই ৰিজার্ভ বেংক আজি ভাৰতত দ্ৰুত গতিত সম্প্ৰসাৰণ ঘটা ডিজিটেল পেমেণ্ট নেটৱর্কৰ গুৰিধৰোঁতা, লগতে এটা কেন্দ্ৰীয় বেংকৰ সৈতে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ সম্পর্ক কেনে হোৱা উচিত তাৰো এক আদর্শ বুলি সাংবাদিকগৰাকীয়ে কয়৷

ভাৰতত ডিজিটেল পেমেণ্ট পদ্ধতিৰে আদান-প্ৰদান হোৱা ধনৰ পৰিমাণ  বিগত পাঁচ বছৰ ধৰি প্ৰতি বছৰি গড়ে ৫০ শতাংশ হাৰে বৃদ্ধি পাই আহিছে৷ বৃদ্ধিৰ এই হাৰ বিশ্বৰ ভিতৰতে অন্যতম দ্ৰুত হাৰ বুলিও কোৱা হৈছে৷

লগতে পঢ়ক সোণৰ সংসাৰ কৰিবলৈ প্ৰেমিকৰ সৈতে পলাইছিল প্ৰেমিকা, প্ৰেমিকাক ছুৰিকাঘাত কৰি ধন সোণ লৈ পলাল প্ৰেমিক

লেনদেন হোৱা ধনৰ পৰিমাণতকৈয়ো দ্ৰুততৰ হাৰত ডিজিটল পেমেণ্ট পদ্ধতিৰ সম্প্ৰসাৰণ ঘটিছে, যাৰ হাৰ ভাৰতত অভিনৱ বুলি কোৱা হৈছে৷ ইফালে ৰিয়েল টাইম আৰু ম’বাইল চালিত ইউনিফাইড পেমেন্টচ ইণ্টাৰফেচৰ বাবে বছৰি ১৬০ শতাংশ হাৰৰ সম্প্ৰসাৰণ৷

গ্ৰাহকক ডিজিটেল পেমেণ্টৰ সুবিধা প্ৰদান কৰা বেংকৰ সংখ্যা ২০২১ৰ জুনৰ পৰা ২০২২ৰ জুনলৈ ৪৪ শতাংশ বৃদ্ধি হৈ হয়গৈ ৩৩০ আৰু ইয়াৰ লগে লগে এই সময়ছোৱা ডিজিটেল মাধ্যমেৰে লেন দেন হোৱা ধনৰ পৰিমাণো দুগুণে বৃদ্ধি হৈ ৫.৮৬ বিলিয়ন হৈছে৷ ইয়াৰ লগতে ৰিজার্ভ বেংকে যোৱা মার্চ মাহত ইউপিআইৰ সুবিধা টাচ্চস্ক্ৰীণ নথকা, বুটাম টিপি চলোৱা পুৰণি ফোন সমূহলৈয়ো আগবঢ়োৱাত দেশৰ ভিতৰুৱা এলেকাৰ অতিৰিক্ত ৪০০ নিযুত লোকে ডিজিটেল পেমেণ্টৰ সুবিধা লাভ কৰে৷

ৰঘুৰাম ৰাজনে ৰিজার্ভ বেংকৰ গৱর্ণৰ পদৰ পৰা অৱসৰ লোৱাৰ আগে আগে ২০১৬ চনত এই ইউপিআই প্ৰচলন কৰা হয়৷ সেই একেটা বছৰতে বিমুদ্ৰাকৰণৰ বাবে উচ্চ হাৰৰ নগদ ধনৰ প্ৰচলন বন্ধ হৈছিল ৷

ইউপিআই (UPI)ৰ প্ৰধান উদ্দেশ্য আছিল নিয়ম-কানুনৰ মেৰপেচ মুকলি কৰা আৰু ইখনৰ পিচত সিখন নথি-পত্ৰ সাজু কৰাৰ কামৰ পৰা হাত সৰা৷ ধনৰ আদান প্ৰদানক নিৰাপদ আৰু সৰল কৰাৰ হকে ব্যক্তি আৰু ব্যৱসায়িক প্ৰতিষ্ঠানক একে ম’বাইল প্লেটফর্মৰ জৰিয়তে একাধিক বেংক একাউণ্ট চলাব পৰাৰ সুবিধা প্ৰদান কৰা হয় আৰু অতি কম সময়ৰ আটায়ে এই পদ্ধতিক আদৰি লয় আৰু অভ্যস্ত হৈ পৰে ৷

অৱশ্যে ইউপিআই নেটৱর্কৰ জন্ম বৃ্ত্তান্ত বিচাৰি আমি ২০০৬ চনলৈয়ো উভতি যাব লাগিব, কিয়নো সেই বছৰেই ৰিজার্ভ বেংক আৰু ভাৰতীয় বেংক এচচিয়েচনে যুটীয়াকৈ গঠন কৰিছিল নেচনেল পেমেণ্টচ কর্পৰেচন অব ইণ্ডিয়া (এনপিচিআই)৷

এনপিচিআই গঠনৰ উদ্দেশ্য আছিল এক অবাণিজ্যিক অনুষ্ঠানৰ মাধ্যমেৰে, এক জনহিতকৰ পদক্ষেপৰূপে, ধনৰ খুচুৰা লেনদেনসমূহক ডিজিটেল ৰূপ প্ৰদান কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা৷

লগতে পঢ়ক চাৰে তিনিবছৰীয়া কন্যা শিশুক ডিজিটেল ধৰ্ষণ! যাৱজ্জীৱন কাৰাদণ্ড ৬৫ বছৰীয়া বৃদ্ধক

উল্লেখযোগ্য এখন দেশৰ অর্থনৈতিক নীতি  বা  বিকাশৰ পৰ্যায় যি স্তৰৰে নহওক কিয়, ডিজিটেল বিত্তীয় আন্তঃগাথনি প্ৰতি শ্ৰেণীৰ অর্থনীতিৰ বাবে উপযোগী আৰু প্ৰাসংগিক বুলি ২০১৯ চনতে বেংক ফৰ ইণ্টাৰনেচনেল চেটেলমেণ্টৰ বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছিল ৷

নগদ ধনৰ সলনি ডিজিটেল মাধ্যেমেৰে আদান প্ৰদান কৰা লোকৰ সংখ্যা অহা পাঁচটা বছৰত তিনিগুণ বৃদ্ধি হৈ ৭৫০ নিযুত হ’বগৈ বুলি এনপিচিআইৰ মুখ্য কার্য্যবাহী বিষয়া দিলীপ আচবেই কয়৷ সেইদৰে এনে ধৰণেৰে লেন দেন কৰা ব্যৱসায়ীৰ সংখ্যাও দুগুণ বাঢ়ি ১০০ নিযুত হ’ব৷

এনে লেনদেনৰ বাবে ভাৰতীয় ৰিজার্ভ বেংকে একাধিক বৈশিষ্ট্য সম্পন্ন পেমেণ্ট চিষ্টেম সাজু কৰি তুলিছে— যেনে ডেবিট আৰু ক্ৰেডিট কার্ড যোগান ধৰা ৰুপে, নেচনেল ফাইনেন্সিয়েল চুইচৰ কেশ্ব মেচিন নেটৱর্ক আৰু এক ৰাষ্ট্ৰীয় পৰিচয় প্ৰগ্ৰাম সংযুক্ত পেমেণ্ট চিষ্টেম যাতে অস্বীকৃত এলেকাৰ লোকো উপকৃত হ’ব পাৰে ৷

আমাৰ দেশৰ ভৌগোলিক বিশালতাৰ বাবে এক বহু তৰপীয়া পেমেণ্ট চিষ্টেম খুবেই আৱশ্যকীয় যাতে দেসবাসীয়ে নিজৰ সুবিধা অনুযায়ী কোনো এটাক বাচি ল’ব পাৰে আৰু এয়াই ৰিজার্ভ বেংকৰ দৃঢ় ধাৰণা বুলি বিষয়াগৰাকীয়ে কয়৷

চৰকাৰ আৰু কেন্দ্ৰীয় বেংকৰ সন্মতি অবিহনে কোনো দেশে ইউপিআই প্ৰচলন কৰিব নোৱাৰে, এই ব্যৱস্থা বাস্তৱিকতে ধন আদান প্ৰদানৰ গণতান্ত্ৰিকতা কিয়নো নিচেই সামান্য পৰিমাণৰ ধনকো ই সাঙুৰি লয়, লগতে ই মিতব্যয়ী আৰু ভাৰতত প্ৰায় বিনামুলীয়াই বুলিও বিষয়াজনে কয় ৷

সাংবাদিক জেফ কার্ণচে মন্তব্য কৰে যে দেশৰ উঠি অহা যুৱক-যুৱতী চামে নগদ ধনৰ ব্যৱহাৰ প্ৰায় পাহৰিয়ে গৈছে, বিশ্বৰ বৃহত্তম ম’বাইল মাণি চার্ভিচ প্ৰভাইডাৰ ব্যৱহাৰ কৰোতাৰ সংখ্যা আজি ভাৰতত ৪০০ নিযুতৰো অধিক৷

ব্যৱসায়ৰ বাবে পেটিএম, অনলাইন ট্ৰেন্সফাৰৰ বাবে ৰেজৰপে, ফোন পে ব্যক্তিগত লেনদেনৰ বাবে গুগল পে ইত্যাদি ব্যৱহাৰ কৰে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamdigital paymentrbi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
Swiggy Instamartৰ জৰিয়তে কণ্ডম অৰ্ডাৰৰ ক্ষেত্ৰত দেশৰ কোন চহৰ শীর্ষত আছে?

Swiggy Instamartৰ জৰিয়তে কণ্ডম অৰ্ডাৰৰ ক্ষেত্ৰত দেশৰ কোন চহৰ শীর্ষত আছে?

৭ পুত্ৰই গোচৰ তৰিলে আৰক্ষীক, পঞ্চম বিবাহ মণ্ডপৰ পৰাই গ্ৰেপ্তাৰ ৫৫ বছৰীয়া দৰাক!

৭ পুত্ৰই গোচৰ তৰিলে আৰক্ষীক, পঞ্চম বিবাহ মণ্ডপৰ পৰাই গ্ৰেপ্তাৰ ৫৫ বছৰীয়া দৰাক!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.