• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

1 month ago
কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

22 minutes ago
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

52 minutes ago
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

1 hour ago
বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

2 hours ago
১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

3 hours ago
শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

4 hours ago
জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

4 hours ago
বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

5 hours ago
অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

6 hours ago
এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

6 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

8 hours ago
Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

ক'ভিড প্ৰতিষেকৰ পিছৰ সমস্যা সন্দৰ্ভত চিকিৎসা বিজ্ঞানৰ গৱেষণাই কি কয়?

editor by editor
June 18, 2026
in জীৱনশৈলী, বিজ্ঞান, বিবিধ, বিশ্ব, লেখা, স্বাস্থ্য
0
COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?
0
SHARES
242
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ক’ভিড-১৯ৰ প্ৰতিষেধক লোৱাৰ পিছত বহুতে Anxiety, Stress বা Depression অনুভৱ কৰা বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈ আহিছে। কিন্তু চিকিৎসা বিজ্ঞানৰ বৃহৎ গৱেষণাই এই বিষয়ত কি কয় সেইটোহে গুৰুত্বপূৰ্ণ বিষয়। এতিয়ালৈকে উপলব্ধ বৃহৎ বৈজ্ঞানিক গৱেষণাসমূহে ক’ভিড ভেকচিনে সাধাৰণ মানুহৰ মাজত ব্যাপকভাৱে Anxiety, Stress বা Depression সৃষ্টি কৰে বুলি কোনো শক্তিশালী প্ৰমাণ পোৱা নাই। বৰঞ্চ কেইবাটাও অধ্যয়নে দেখুৱাইছে যে ভেকচিন লোৱাৰ পিছত বহু লোকৰ উদ্বেগ আৰু হতাশাৰ লক্ষণ কিছু পৰিমাণে কমিহে গৈছে।

বহুলোকে ভেকচিনৰ পিছত পোৱা মানসিক সমস্যাবোৰ আচলতে কি?

গৱেষকসকলে উপৰিউক্ত প্ৰশ্নটোৰ উত্তৰত কয় যে- মহামাৰীৰ সময়ত মানুহে একেলগে বহু ধৰণৰ চাপৰ সন্মুখীন হৈছিল যেনে সংক্রমণৰ ভয়, চাকৰি বা উপাৰ্জনৰ অনিশ্চয়তা, পৰিয়ালৰ সদস্য অসুস্থ হোৱাৰ চিন্তা, সামাজিক বিচ্ছিন্নতা, লকডাউন আৰু জীৱনশৈলীৰ পৰিৱৰ্তন আদি। গৱেষণাৰ অন্তত এই কাৰকসমূহেই বিশ্বজুৰি Anxiety আৰু Depression বৃদ্ধিৰ মুখ্য কাৰণ আছিল বুলি কয়। সেয়েহে কোনো ব্যক্তিৰ ভেকচিন লোৱাৰ সময়ত মানসিক সমস্যা দেখা গ’লে, সেয়া কেৱল ভেকচিনৰ কাৰণে হোৱা বুলি ক’ব নোৱাৰি।

বিশ্বৰ বিভিন্ন প্ৰান্তত কৰা গৱেষণাসমূহে কি পালে?

১) ৭,৯২৫গৰাকী লোকৰ ওপৰত ছুইডেনত কৰা এক অধ্যয়নত পোৱা গৈছে যে ভেকচিন লোৱাৰ পিছত Anxiety আৰু Depressionৰ লক্ষণ আগতকৈ কমিহে গৈছিল। বিশেষকৈ দ্বিতীয় ড’জৰ পিছত কোনো এজন লোকৰ মানসিক শক্তিৰ উত্তৰণ অধিক স্পষ্টহে হৈছিল।
২) ৭০০ গৰাকী স্বাস্থ্যকৰ্মীৰ ওপৰত ইৰাকে কৰা এক অধ্যয়নত অধিকাংশ লোকৰ Depression, Anxiety আৰু Stressৰ স্ক’ৰ স্বাভাৱিক সীমাৰ ভিতৰতে আছিল। গৱেষকসকলে ভেকচিনৰ পিছত কোনো ব্যাপক মানসিক জটিলতাৰ প্ৰমাণ নাপালে।
৩) আমেৰিকাৰ বৃহৎ জনমত সমীক্ষাৰ তথ্য বিশ্লেষণ কৰি গৱেষকসকলে পালে যে ভেকচিন লোৱাৰ পিছত Depression আৰু Anxietyৰ হাৰ কিছু পৰিমাণে হ্ৰাসহে পাইছিল।

তেন্তে কিছুমান লোকৰ কিয় Anxiety বা Panic Attack হৈছিল কিয়?

চিকিৎসা বিজ্ঞানত এটা পৰিচিত ঘটনা আছে যাক Immunization Stress-Related Response (ISRR) বুলি কোৱা হয়। ইয়াৰ অৰ্থ বা কাৰণসমূহ হ’ল—বেজীৰ ভয়, পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ চিন্তা, স্বাস্থ্য সম্পৰ্কীয় উদ্বেগ, অতিমাত্ৰাৰ সামাজিক প্ৰভাৱ। এইবোৰৰ ফলত কিছুমান ব্যক্তিৰ Panic Attack, বুকু ধপধপোৱা, মূৰ ঘূৰোৱা, শ্বাস-প্ৰশ্বাসৰ কষ্টৰ অনুভৱ বা অস্থায়ী উদ্বেগ দেখা দিব পাৰে। কিন্তু এইবোৰ সাধাৰণতে ভেকচিনৰ জৈৱিক বিষাক্ত প্ৰভাৱ নহয়; বৰঞ্চ মানসিক-শাৰীৰিক প্ৰতিক্ৰিয়া। বিশ্ব স্বাস্থ্য সংস্থা (WHO) আৰু বিভিন্ন জনস্বাস্থ্য সংস্থাই এই ধৰণৰ ঘটনাৰ বৰ্ণনা আগতেই কৰিছে। গৱেষণাই প্ৰমাণ কৰিছে যে ক’ভিড-১৯ ৰোগত আক্ৰান্ত হোৱাৰ পিছত Anxiety, Depression, নিদ্ৰাহীনতা, মগজুৰ কাৰ্যক্ষমতাৰ সমস্যা আদি সমস্যা বৃদ্ধি পায়। বৰ্তমানৰ চিকিৎসা-বৈজ্ঞানিক প্ৰমাণ অনুসৰি COVID ভেকচিনে অধিকাংশ মানুহৰ মাজত Anxiety, Stress বা Depression সৃষ্টি কৰে বুলি কোনো শক্তিশালী প্ৰমাণ নাই। কেইবাটাও বৃহৎ গৱেষণাই ভেকচিনৰ পিছত মানসিক স্বাস্থ্য কিছু উন্নত হোৱাৰ কথাও উল্লেখ কৰিছে। কিছুমান ব্যক্তিৰ ক্ষেত্ৰত অস্থায়ী উদ্বেগ, Panic Attack বা মানসিক অস্বস্তি দেখা দিব পাৰে, কিন্তু সেয়া বিৰল আৰু বহু ক্ষেত্ৰত মানসিক চাপ বা স্বাস্থ্য-উদ্বেগৰ সৈতে জড়িত। COVID সংক্রমণ আৰু Long COVID-ৰ লগত Depression, Anxiety আৰু অন্যান্য মানসিক সমস্যাৰ সম্পৰ্ক অধিক শক্তিশালীভাৱে প্ৰমাণিত।

ভাৰতৰ কভিশ্বিল্ড বা কভাক্সিনৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ কেনে?

ভাৰতত ব্যৱহৃত মূল COVID-19 ভেকচিন Covishield আৰু Covaxin সম্পৰ্কে বহু সুৰক্ষা গৱেষণা কৰা হৈছে। কিন্তু ভেকচিন লোৱাৰ ফলত বৃহৎ পৰিসৰত Anxiety, Stress বা Depression বৃদ্ধি পাইছে নেকি—এই বিষয়ত ভাৰতত বিশেষভাৱে কৰা বৃহৎ আৰু নিৰ্ভৰযোগ্য গৱেষণা বৰ্তমান সীমিত। ভাৰতৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয়, স্বাস্থ্য প্ৰতিষ্ঠান আৰু গৱেষকসকলে Covishield আৰু Covaxin-ৰ পাৰ্শ্বপ্ৰতিক্ৰিয়া সন্দৰ্ভত কিছু অধ্যয়ন কৰিছে। এই অধ্যয়নসমূহত সাধাৰণতে জ্বৰ, মূৰৰ বিষ, শৰীৰৰ বিষ, বেজী দিয়া ঠাইত বিষ, দুৰ্বলতা আদি পাৰ্শ্বপ্ৰতিক্ৰিয়াহে অধিক দেখা গৈছে। গৱেষণাৰ মতে অধিকাংশ ক্ষেত্ৰতে এই লক্ষণসমূহ মৃদু আৰু অস্থায়ী আছিল; গুৰুতৰ পাৰ্শ্বপ্ৰতিক্ৰিয়া অতি কম পোৱা গৈছিল। Anxiety, Stress আৰু Depression ব্যাপকভাৱে বৃদ্ধি পাইছে বুলি এই গৱেষণাসমূহে কোনো স্পষ্ট প্ৰমাণ নাই। অৰ্থাৎ ভাৰতত এতিয়ালৈকে প্ৰকাশিত মূলধাৰাৰ চিকিৎসা গৱেষণাৰ ভিত্তিত Covishield বা Covaxin লোৱাৰ ফলতেই বহুলোক Anxiety, Stress বা Depression ৰোগত আক্ৰান্ত হৈছে বুলি ক’ব পৰাকৈ শক্তিশালী বৈজ্ঞানিক প্ৰমাণ পোৱা হোৱা নাই। বৰ্তমানৰ তথ্য অনুসৰি, মহামাৰীৰ সামগ্ৰিক প্ৰভাৱ, সামাজিক-অৰ্থনৈতিক চাপ, COVID সংক্রমণ আৰু Long COVID-ই মানসিক স্বাস্থ্যৰ ওপৰত অধিক প্ৰভাৱ পেলোৱা বুলি ধৰা হয়।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24health
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে
বিনোদন

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

July 28, 2026
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?
জীৱনশৈলী

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

July 28, 2026
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি
জীৱনশৈলী

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

July 28, 2026
বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ
বিনোদন

বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

July 28, 2026
Next Post
এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.