বিকিনি পিন্ধি সমুদ্ৰতীৰত ফুৰিব বিচাৰিছিল পত্নীয়ে৷ কিন্তু সুন্দৰী পত্নীক কেনেকৈ অন্য পুৰুষৰ চকুত পৰাকৈ বিকিনি পিন্ধিবলৈ দিয়ে? ইফালে সুন্দৰী পত্নীকো অসন্তুষ্ট কৰাব নোৱাৰি৷ অৱশেষত স্বামীয়ে পত্নীৰ বাবেই কিনি পেলালে এটা দ্বীপ৷
ডুবাইৰ নিবাসী এগৰাকী ব্ৰিটিছ মহিলাই তেওঁৰ কোটিপতি স্বামীৰ এনে চাৰপ্ৰাইজ গীফ্টৰ কথা ছচিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ পাছতেই আৰম্ভ হৈছে চৰ্চা৷ ২৬ বছৰীয়া ব্ৰিটিছ তৰুণী ছৌদী আল নাদাকৰ সৈতে তিনি বছৰ পূৰ্বে বিয়াত বহিছে ডুবাইৰ কোটিপতি ব্যৱসায়ী জামাল অল নাদাক৷
কলেজত পঢ়ি থকাৰ সময়ৰ পৰা ৮ বছৰৰ প্ৰেম৷ সেই জামালে সম্প্ৰতি তেওঁৰ পত্নীৰ বাবে ৪১৮ কোটি টকা ব্যয়েকে এটা প্ৰাইভেট আইলেণ্ড ক্ৰয় কৰিছে৷ ছৌদীৰ এই ভাইৰেল ভিডিঅ’ত দেখা গৈছে, পাহাৰৰ কোলাত এটা ঘৰ, চাৰিওপাশে গছ আৰু সন্মুখত ঘন নীলা সমুদ্ৰ৷ উপদ্ৰৱ এৰাবলৈকে দ্বীপৰ লোকেশ্বন প্ৰকাশ নকৰিলে ছৌদীয়ে৷ তেওঁ জনাইছে যে ব্যক্তিগত জেটত স্বামীৰ সৈতে এছিয়াৰ এই প্ৰাইভেট দ্বীপত ভৰি থৈছে৷ ছৌদীয়ে এই সন্দৰ্ভত কয়, ‘ইচ্ছা আছিল বিকিনি পিন্ধি সমুদ্ৰৰ পাৰত ফুৰিবলৈ নিৰাপত্তাও গুৰুত্বপূৰ্ণ কথা৷ সেয়ে এই দ্বীপটো ক্ৰয় কৰিছো৷ সকলোতকৈ ভাল বিনিয়োগ এয়াই বুলি মই ভাৱো৷ এয়াই প্ৰথম নহয়৷ ছৌদীয়ে পূৰ্বেও পত্নীক ফেৰাৰী কাষ্টোমাইজ আৰু হীৰাৰ আঙঠি কিনি দিছে৷ ইয়াৰোপৰি ইটালীত এটা ডেটিং সন্ধ্যাৰ বাবেই তেওঁ খৰচ কৰিছে এক লাখ কোটিততৈয়ো বেছি ধন৷
অৱশ্যে নাদাকৰ এই ভিডিঅ’ক লৈ ইতিমধ্যে মিশ্ৰ প্ৰতিক্ৰিয়া ইনষ্টাগ্ৰামত আৰম্ভ হৈছে৷ কাৰণ পত্নীৰ নিৰাপত্তাৰ বাবে এইখিনি বিনিয়োগ নে পত্নীক লোকচক্ষুৰ পৰা আঁতৰাই ৰখাৰ বাবে এই কাৰ্য? বহুতৰেই আকৌ কটাক্ষভৰা মন্তব্যও৷ এই ধনেৰে তেওঁৰ বহু দৰিদ্ৰ লোকৰ এঁসাজ ভাতো যোগান ধৰিব পাৰিলেহেতেন৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ