পুৱাই ভূমিকম্প, কঁপি উঠিল অসমৰ লগতে উত্তৰ পূৱৰ আন এখন ৰাজ্য
আজি ৮ মে’ তাৰিখ বুধবাৰে পুৱাই কঁপি উঠিল অসমৰ কিছু ঠাইৰ লগতে উত্তৰ পূৱৰ আৰু এখন ৰাজ্য। এক মৃদু ভূইকঁপে জোকাৰি যায় উত্তৰ পূৱৰ দুই ৰাজ্য।
পুৱা ৪ বাজি ৫৫ মিনিটত অনুভুত বয় এই ভূমিকম্প। ৰাষ্ট্ৰীয় ভূ-বিজ্ঞান বিভাগে সদৰি কৰা অনুসৰি পুৱাই অহা এই ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৩.১ ৰিখটাৰ স্কেল।
ইয়াৰ অভিকেন্দ্ৰ আছিল অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ। পাহাৰীয়া ৰাজ্যখনৰ লগতে অসমৰো গোগামুখ, উত্তৰ লক্ষিমপুৰৰ কিছু ঠাইত এই ভূমিকম্পটোৰ জোকাৰণি অনুভুত হয়।
ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল অৰুণাচল প্ৰদেশৰ নামনি শোৱণশিৰি জিলা। সমতলৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পটো অহা বুলি ভূ-বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জানিব পৰা গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















