আনে যোৱা বাটে নোযোৱা এগৰাকী বিধায়ক, ৰাজনীতি একাষৰীয়া কৰি প্ৰকৃতি আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰতিটো দেওবাৰ
আনে যোৱা বাটে নোযোৱা অসমৰ এগৰাকী বিধায়ক। দেওবাৰে দেওবাৰে কৰি আহিছে এক ভিন্ন কাম। যি কামে হয়তো ভৱিষ্যত প্ৰজন্মৰ বাবে বহুলাংশে সহায়ক হৈ আছে। কিয়নো কৰি আছে এনে এক কাম যাৰ বাবে এতিয়া তেঁও চাৰিওফালে প্ৰসংশিত।
ৰাজনীতি একাষৰীয়া কৰি থৈছে দেওবাৰ দিনটোৰ বাবে। এই বিশেষ কামত ৰাজনীতি নাই। আছে কেৱল প্ৰকৃতি প্ৰেম। যি প্ৰেম বিয়পাইছে ছাত্ৰ-ছাত্ৰীৰ মাজলৈ। তাৰোপৰি প্ৰকৃতি বিশেষজ্ঞ মাতি আনি ছাত্ৰ-ছাত্ৰীক দান কৰিছে প্ৰকৃতিৰ জ্ঞান।
সেই বিশেষ কাম কৰা বিধায়কগৰাকী হৈছে গোলাঘাটৰ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া। নৱপ্ৰজন্মৰ মাজত পৰিৱেশৰ প্ৰতি গভীৰ বুজাবুজি গঢ়ি তোলাৰ লক্ষ্যৰে ৯ জুনৰ পৰা কৰি আহিছে এই বিশেষ কাম। নিজৰ ঘৰলৈ বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক মাতি আনি দান কৰিছে প্ৰকৃতিৰ জ্ঞান।
লগতে সেই জ্ঞান যাতে আধৰুৱা নহয়, সেয়ে ছাত্ৰ-ছাত্ৰীৰ বাবে নিমন্ত্ৰণ জনাই আহিছে একো একোগৰাকী প্ৰকৃতিৰ সৈতে জড়িত বিশিষ্ট লোককো। ৯ জুনৰ পৰা প্ৰত্যকটো দেওবাৰে বিধায়ক মৃণাল শইকীয়াই নিজৰ ঘৰতে কৰি আহিছে এই বৈঠক তথা প্ৰকৃতিৰ জ্ঞানৰ পাঠদান অনুষ্ঠান। শতাধিক ছাত্ৰ-ছাত্ৰীয়ো আগ্ৰহ তথা সহাৰি প্ৰকাশ কৰিছে এই অনুষ্ঠানলৈ।
মৃণাল সইকীয়াৰ সৈতে হোৱা কথোপকথনত তেখেতে জানিবলৈ দিয়ে যে, এই অনুষ্ঠানলৈ এতিয়ালৈকে বহু কেইগৰাকী বিশিষ্ট লোকক নিমন্ত্ৰণ জনাইছে যদিও তৃতীয়টো দেওবাৰে ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্যে মাতি অনা হৈছিল অৰণ্য মানৱ তথা প্ৰকৃতিৰ যাঁদুকৰ পদ্ম সন্মান লাভ কৰা যাদৱ পায়েঙক। যাদৱ পায়েঙে বহু জ্ঞান দান কৰে ছাত্ৰ-ছাত্ৰসকলক।
ছাত্ৰ-ছাত্ৰীৰ মাজত উদ্ভিদৰ বিভিন্ন প্ৰজাতিৰ পৰিচয় আৰু বিশেষকৈ থলুৱা গছ-গছনি ৰোপণৰ প্ৰয়োজনীয়তা আৰু তাৰ দ্বাৰা পৰিৱেশ সুৰক্ষিত কৰাৰ বাবে কল্পনা কৰা ধাৰণাটো প্ৰচাৰ কৰা এই পাঠদানৰ মূল লক্ষ্য। বৰ্তমানলৈ মৃণাল শইকীয়াই আজি ১৪ জুলাইৰ দেওবাৰসহ মুঠ ৬ টা দেওবাৰে এই বিশেষ পাঠদানৰ অনুষ্ঠান অনুষ্ঠিত কৰিলে। ভৱিষ্যতেও এই প্ৰকৃতিৰ পাঠদান অনুষ্ঠান চলাই নিব বুলি মন্তব্য প্ৰকাশ কৰে খুমটাইৰ বিধায়কগৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ