অসমত কেতিয়া পালন কৰা হ’ব ঈদ- হিলাল কমিটিয়ে সদৰি কৰিলে তাৰিখ
কাইলৈ আৰৱত পালন কৰা হ’ব ঈদ। আৰৱত ইতিমধ্যে দেখা গৈছে পবিত্ৰ ঈদৰ জোন। পাছে ভাৰত তথা অসমত জোন দেখা নোপাৱাৰ বাবে আৰৱৰ সৈতে এইবাৰ ঈদৰ তাৰিখ নিমিলে।
আজি ৯ এপ্ৰিলৰ দিনা কেন্দ্ৰীয় হিলাল কমিটিৰ ফালৰ পৰা সদৰি কৰা অনুসৰি এইবাৰ সমগ্ৰ ভাৰতৰ লগততে অসমত ১১ এপ্ৰিল বৃহস্পতিবাৰে পালন কৰা হ’ব ঈদ উল ফিটৰ।
সদৰি কৰা জাননী অনুসৰি ভাৰতত দেখা নগ’ল ঈদৰ জোন, যাৰ বাবেই অহা ১১ এপ্ৰিলৰ দিনা পালন কৰা হ’ব ইছলাম ধৰ্মৱালম্বী লোকৰ পবিত্ৰ ঈদ-উল ফিটৰ।
কেন্দ্ৰীয় হিলাল কমিটি অসমৰ ফালৰ পৰা এই আনুষ্ঠানিক ঘোষণা। অসমৰ কোটি কোটি মুছলমান সম্প্ৰদায়ৰ লোকলৈ আহে এই সুখবৰ।
উল্লেখ্য যে, ইছলামিক কেলেণ্ডাৰত বছৰৰ নৱম মাহ ৰমজান আৰু দশম মাহ শওৱাল আৰু এই মাহৰ প্ৰথম দিনটোতে ঈদ পালন কৰা হয়। ৰমজানৰ ৰোজাৰ অন্ত পৰে ঈদৰ উৎসৱৰ সৈতে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ