অসম লাইভ২৪ঃ ভাৰতত ফ্ৰী ইণ্টাৰনেট পৰিসেৱাৰে নতুন যুগৰ সূচনা কৰিছিল জিঅ’ই৷ সস্তাত গ্ৰাহকক ডাটা পেক, ৰিচাৰ্ছৰ সুবিধা দিয়াৰ ফলত বজাৰত এই সংস্থাৰ দখলো সকলোতকৈ বেছি৷ জিঅ’ৰ ওচৰত টিকিব নোৱাৰিয়েই ডাঙৰ ডাঙৰ কোম্পানী যেনে এয়াৰটেল আৰু ভোডাফোন সকলোৰে মাৰ্কেট বেয়া হৈছিল৷ বিগত কেইবা বছৰ ধৰি বজাৰ দখল কৰাৰ পাছত এইবাৰ এলন মাস্ক আহিছে জিঅ’ক টক্কৰ দিবৰ বাবে৷ এলনে আৰম্ভ কৰিছে ষ্টাৰলিংক৷
এই সংস্থা মূলত ছেটেলাইট ভিত্তিক ইণ্টাৰনেট পৰিসেৱা৷ বিশ্বৰ ৬০খন দেশত পোনতে এই পৰিসেৱা আৰম্ভ কৰিব ষ্টাৰলিংকে৷ ভাৰততো এই পৰিসেৱা আৰম্ভ কৰিবলৈ আগ্ৰহী এই সংস্থা৷ কেৱল অপেক্ষা কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনলৈকেহে৷ ইতিমধ্যে জিঅ’ ফাইবাৰ, জিঅ’ এয়াৰ ফাইবাৰ আৰম্ভ কৰিছে আম্বানীৰ ৰিলায়েন্সেও৷ ইয়াৰ সৈতে ৫জি নেটৱৰ্কো আছে৷ ষ্টাৰলিংকক টক্কৰ দিবলৈকে জিঅ’ স্পেছ ফাইবাৰৰ আৰম্ভ কৰিছে মুকেশ আম্বানীৰ সংস্থাই৷ আনকি সংশ্লিষ্ট কৰ্তৃপক্ষৰ তৰফৰ পৰাও লাইছেন্স লাভ কৰিছে জিঅ’ই৷
জিঅ’ বনাম এয়াৰটেল
জিঅ’ আৰু এয়াৰটেলৰ Oneweb দুই সংস্থাই লাইচেন্স লাভ কৰিছে৷ ছেটেলাইট ভিত্তিক ইণ্টাৰনেট পৰিসেৱাৰ দৌৰত চামিল এই দুই সংস্থা৷ ভাৰতত যিহেতু ষ্টাৰলিংকৰ অনুমতি এতিয়াও দিয়া হোৱা নাই তেনেক্ষেত্ৰত জিঅ’ আৰু এয়াৰটেলেই শেষ ভৰষা হ’ব গ্ৰাহকৰ৷
জিঅ’, এয়াৰটেল বনাম ষ্টাৰলিংক
বিশ্বৰ অন্যতম ধনী ব্যক্তি হৈছে এলন মাস্ক৷ এলন মাস্কৰেই এটা সংস্থা হৈছে ষ্টাৰলিংক৷ ভাৰতত ডাটা কমিউনিকেছনৰ পৰিসেৱা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে মাস্কেও৷ কিন্তু কেন্দ্ৰীয় চৰকাৰৰ পক্ষৰ পৰা অনুমোদন লাভ নকৰাৰ বাবে কাম সামৰি ৰাখিব লগা হৈছে মাস্কে৷ বিগত বৰ্ষতেই ষ্টাৰলিংকৰ বাবে আৱেদন জনাইছিল মাস্কে৷ কিন্তু কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এই আবেদন নাকচ কৰা হয়৷ অৱশ্যে আৱেদন নাকচ হ’লেও পুনৰ আৱেদন কৰিব ষ্টাৰলিংকে বুলি মাস্কৰ ঘনিষ্ঠ এক সূত্ৰই প্ৰকাশ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ