ফিফা বিশ্বকাপ খেলাৰ সপোন শেষ, দেখদেখকৈ ভাৰতৰ সৈতে বেইমানী
ফিফা বিশ্বকাপ কোৱালিফায়াৰ ২ ৰাউণ্ডৰ খেলখনত কাটাৰৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ভাৰতীয় ফুটবল দল। ভাৰতীয় দলটোৱে ২-১ গ’লত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। দেখদেখকৈ বেইমানী হয় ভাৰতীয় ফুটবল দলৰ সৈতে।
দোহাত খেলা মেচখনত এটা গ’ল যথেষ্ট বিতৰ্কিত আছিল। কাটাৰৰ খেলুৱৈ এগৰাকীয়ে কৰিছিল বেইমানী। এই সন্দৰ্ভত ব্যাপক হুলস্থুলৰো সৃষ্টি হৈছে। ভিডিঅ’ স্পষ্ট হৈছে কাটাৰৰ খেলুৱৈৰ বেইমানী, কিন্তু ইমানক পাছতো ৰেফাৰীয়ে কাটাৰৰ সপক্ষেহে সিদ্ধান্ত দিয়ে।
মেচখনত ভাৰতৰ সৈতে ফাউল প্লে হৈছিল আৰু ইয়াৰ বাবেই ভাৰত কোৱালিফায়াৰৰ পৰা বাহিৰ হয় আৰু বিশ্বকাপ খেলাৰ সপোন ভাঙি চুৰমাৰ হৈ পৰে।
https://x.com/FanCode/status/1800595521628999862
খেলখনৰ ৭৩ মিনিটত হৈছিল সেই বেইমানৰ খেল। কাটাৰৰ হৈ ইউছেফ আয়মানে এটা গ’ল দিয়ে, যি গ’লটো যথেষ্ট বিতৰ্কিত হৈ পৰে। কাৰণ গ’ল কৰাৰ পূৰ্বে ভাৰতে প্ৰতিহত কৰে আৰু বলটো লাইন তথা বাউণ্ডেৰীৰ বাহিৰলৈ ওলাই যায়।
ইয়াৰ পিছতো কাটাৰৰ ডিফেণ্ডাৰ আল হাছানে বলটো লাইনৰ ভিতৰলৈ ভৰিৰে টানি নি ইউছুফক পাছ কৰে। ইউছুফে কোনো ভুল নকৰি গ’লটো দিয়ে। ভাৰতীয় খেলুৱৈয়ে ইয়াৰ বিৰোধিতা কৰে যদিও অন ফিল্ড আম্পায়াৰে ইয়াক গ’ল বুলি ঘোষণা কৰে। ইয়াৰ পূৰ্বে দলটোৰ স্ক’ৰ আছিল ১-১। গ’লটোৰ পাছতে কাটাৰে ২টা গ’লত ভাৰতৰ ওপৰত অগ্ৰগতি লাভ কৰে।
ৰেফাৰীয়ে যেতিয়া ইয়াক শুদ্ধ গ’ল বুলি ঘোষণা কৰে, লগে লগে ভাৰতীয় দলটোৱে যথেষ্ট প্ৰতিবাদ কৰে। ইয়াৰ পিছত ৰেফাৰী কিম ৱু-ছাঙে লাইনমেনৰ সৈতে কথা পাতি গ’লটো শুদ্ধ বুলি ঘোষণা কৰে। ৰেফাৰিয়ে কয় যে, কোৱালিফায়াৰ মেচত ভিডিঅ’ এচিষ্টেণ্ট ৰেফাৰীৰ দৰে কোনো ব্যৱস্থা নাই। এনে পৰিস্থিতিত অন-ফিল্ড ৰেফাৰীৰ সিদ্ধান্ত শুদ্ধ বুলি বিবেচিত হয়। এই বিতৰ্কিত সিদ্ধান্তৰ বাবেই অৱশেষত ভাৰতে এক বৃহৎ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয় ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ