অসম লাইভ ২৪ঃ ‘অলিম্পিকছ ভিলেজ’ত কোভিড সংক্ৰমণ। অলিম্পিক অনুষ্ঠিত হ’বলৈ মাজত মাত্ৰ ৬ দিন বাকী থকা অৱস্থাত ‘অলিম্পিকছ ভিলেজ’ত কোভিড সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। এগৰাকী নাইজেৰিয়ান খেলুৱৈৰ শৰীৰত ধৰা পৰিছে কোভিডৰ অৱস্থিতি। অঞ্চলটোত প্ৰথমগৰাকী ব্যক্তি আক্ৰান্ত হৈছে ক’ৰোনাত। সংবাদমেলযোগে শুকুৰবাৰে এই কথা সদৰী কৰে টকিঅ’ আয়োজক কমিটিৰ মুখপাত্ৰ মাচা টাকায়াই। সম্প্ৰতি ১৪ দিনৰ কোৱাৰেণ্টিনত ৰখাৰ ব্যৱস্থা কৰা হৈছে কোভিড আক্ৰান্ত ব্যক্তিগৰাকীক। অঞ্চলটোত কোভিড সংক্ৰমণ ৰোধৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছে অলিম্পিক আয়োজক কমিটিয়ে। উল্লেখ্য, ২৩ জুলাইৰ পৰা অনুষ্ঠিত হ’ব টকিঅ’ অলিম্পিক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ