অসম লাইভ২৪ঃ
ভয়াৱহ ভুমিকম্পৰ পাছত তুৰস্কত এইবাৰ প্ৰলংকাৰী বানৰ সংহাৰ।
বৰ্তমানলৈ বানৰ কবলত পৰি প্ৰায় ১০ গৰাকী লোকৰ মৃত্যু।
তুৰস্কৰ দক্ষিণ-পূব চানলিউৰফা আৰু আদিয়ামান প্ৰদেশত মুষলধাৰ বৰষুণৰ ফলতেই সৃষ্টি হৈছে বানৰ।
ৰখাই থোৱা বাহন উটোৱাই নিয়াৰ লগতে প্ৰায়সমূহ অট্টালিকাৰেই গ্ৰাউণ্ড ফ্লৰ ডুব গৈছে বানত।
দেশখনৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই (এএফএডি) কয় যে বৰ্তমানো সন্ধানহীন হৈ আছে বহুলোক।
সন্ধানহীন লোকসকলক বিচাৰি অভিযান অব্যাহত ৰখা বুলিও জনাইছে এএফএডিয়ে।
বানৰ কৱলত পৰা প্ৰদেশ কেইখনত প্ৰতি বৰ্গ মিটাৰত ১০০ মিলিমিটাৰতকৈও অধিক বৰষুণ হৈ থকা বুলিও জনাইছে।
বিগত এমাহ পূৰ্বে ভূমিকম্পৰ ফলত তুৰস্কত ৪৮,০০০ ৰো অধিক লোকৰ মৃত্যু ঘটিছিল।
ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্থ হৈছিল ২.৭ নিযুত লোক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ