অসম লাইভ২৪ঃ মঙলবাৰে পেৰিছৰ ট্ৰেফিক আইন অমান্য কৰাৰ অভিযোগত এগৰাকী ১৭বছৰ বয়সীয়া তৰুণক লক্ষ্য কৰি গুলীচালনা কৰে আৰক্ষীয়ে। তাৰপাছৰে পৰাই ফ্ৰান্সৰ পৰিস্থিতি উত্তপ্ত হৈ আছে। এই ঘটনাৰ প্ৰতিবাদতেই ফ্ৰান্সৰ ৰাজপথত একাধিক লোক নামি পৰিছে। শনিবাৰে এই হিংসাত্মক ঘটনাৰ ৫দিন সম্পূৰ্ণ হৈছে। শনিবাৰে নিশা পৰ্যন্ত এই প্ৰতিবাদত অংশ লোৱা ১৩০০ ৰো অধিক বিক্ষোভকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
চৰকাৰী সূত্ৰৰ খবৰ অনুসৰি বৰ্তমানলৈ ১৩১১ জন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। পেৰিচৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জাৰ্মান ভ্ৰমণৰ দিন পিছোৱাই দিছে ৰাষ্ট্ৰপতি ইমানুৱেল মাকৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ফ্ৰান্সৰ ৰাস্তাত ইমানুৱেল চৰকাৰৰ তৰফৰ পৰা নতুনকৈ প্ৰায় ৪৫ হাজাৰ আৰক্ষী মোতায়েন কৰা হৈছে। ইয়াৰে মাজত কেৱল মাত্ৰ পেৰিছতেই ৫হাজাৰ সেনা মোতায়েন কৰা হৈছে। ইতিমধ্যে প্ৰতিবাদকাৰীয়ে বহু দোকান, বজাৰ জ্বলাই দিছে। বন্দুকৰ দোকানো লুটপাত কৰিছে। প্ৰতিবাদকাৰীয়ে ৪৯২ চৰকাৰী ভৱন ভাঙি পেলাইছে। প্ৰায় ২ হাজাৰ গাড়ী জ্বলাই দিছে প্ৰতিবাদকাৰীয়ে। ইয়াৰোপৰি ফ্ৰান্সৰ প্ৰায় ৪ হাজাৰ ঠাইত জুই লগাই দিছে প্ৰতিবাদকাৰীয়ে।
প্ৰতিবাদকাৰীয়ে জ্বলাই দিছে ফ্ৰান্স মাৰ্স চহৰৰ বৃহত্তম গ্ৰন্থাগাৰো। জ্বলি ছাই হৈ গৈছে গ্ৰন্থাগাৰৰ বেছিভাগ গ্ৰন্থই। ঘটনাৰ বহু ভিডিঅ’ ইতিমধ্যেই সামাজিকমাধ্যমত ভাইৰেল হৈ পৰিছে। পেৰিছৰ এই ঘটনাত আহত হৈছে ৩০০ৰো অধিক আৰক্ষী। বিক্ষোভকাৰীৰ মাজত বেছিভাগেই তৰুণ প্ৰজন্মৰ বুলি জনাইছে ৰাষ্ট্ৰপতিয়ে। ৰাষ্ট্ৰপতি ইমানুৱেলে দেশৰ অভিভাৱকক জনাইছে যে তেওঁলোকে যাতে সন্তানক এই হিংসাত্মক কাৰ্যৰ পৰা আঁতৰাই ৰাখে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ