অসম লাইভ২৪ঃ
মহানগৰত পুনৰ দুই যুৱকসহ মহিলা প্ৰৱঞ্চকক গ্ৰেপ্তাৰ।
ভঙাগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৩ প্ৰৱঞ্চকক।
গ্ৰেপ্তাৰ হোৱা তিনি প্ৰৱঞ্চক ক্ৰমে নিকিতা তিয়াৰী, গীতনগৰৰ জ্যোতিষ্মান লহকৰ, নাগালেণ্ডৰ ৰাজেশ মণ্ডল
আৰক্ষীয়ে উদালবাক্ৰাৰ পৰা গ্ৰেপ্তাৰ কৰিছে তিনি প্ৰৱঞ্চকক।
অভিযোগ অনুসৰি এই ৩ প্ৰৱঞ্চকে জাল পেলাই দীৰ্ঘদিনৰ পৰা কৰি লুটিছিল বহুজনক।
নিকি তিয়াৰীক পানবজাৰ মহিলা থানাত আৰু আন দুই প্ৰৱঞ্চকক আছে ভঙাগৰৰ থানাত ৰখা হৈছে।
কেইদিনমান পূৰ্বে পলটনবজাৰ থানাৰ মোবাইল চুৰি কেছত সাঙোৰ খাইছিল নিকিতা তিয়াৰীৰ নাম।
ৰিয়েল ষ্টেট বিজনেছত জড়িত বুলি কৈ মানুহৰ পৰা ধন হৰলুকিৰো অভিযোগ নিকিতা তিয়াৰীৰ বিৰুদ্ধে।এই তিনি প্ৰৱঞ্চকে ঋষিৰাজ শইকীয়া নামত এজন সুৰা ব্যৱসায়ীৰ পৰা কৌশলেৰে সৰকাইছিল ১ লাখ টকা।
৭ ফেব্ৰুৱাৰীত এই তিনি প্ৰবঞ্চকৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাটো ৰুজু হৈছে গোচৰ।
মহানগৰীৰ বহুকেইখন থানাত ৰুজু হৈ আছে প্ৰৱঞ্চকৰ বিৰুদ্ধে গোচৰ।
জ্যোতিষ্মান লহকৰ আৰু নাগালেণ্ডৰ ৰাজেশ মণ্ডলক স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে।
সৰ্বমুঠ ১১ খন থানাত ৰুজু হৈ আছিল অভিযুক্ত তিনিওটা অভিযুক্তৰ বিৰুদ্ধে গোচৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















