ইতিহাসৰ সকলোতকৈ ডাঙৰ শিশু যৌন কেলেংকাৰীৰ ভিতৰত এয়াও অন্তৰ্ভূক্ত৷ কমেও ২৯৯ গৰাকী ৰোগীক ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ গুৰুতৰ অভিযোগ ফ্ৰান্সৰ এক চিকিৎসকৰ বিৰুদ্ধে৷ চিকিৎসকৰ বিৰুদ্ধে যিসকল ৰোগীয়ে যৌন নিৰ্যাতনৰ অভিযোগ আনিছে তাৰ ভিতৰত বেছিভাগেই শিশু৷ শিশুক অচেতন কৰি যৌন নিপীড়ন চলাইছিল চিকিৎসকগৰাকীয়ে বুলি ভয়াৱহ অভিযোগ চিকিৎসকৰ বিৰুদ্ধে৷
ধৃত চিকিৎসকৰ নাম জোৱেল লে স্কুয়াৰ্নেক৷ ফ্ৰান্সৰ শল্য চিকিৎসক৷ অথচ সেই শিক্ষিত ভদ্ৰ, মাৰ্জিত মুখৰ আঁৰত আছে সম্পূৰ্ণ এক পৃথক চেহেৰা৷ অভিযোগ যে ২৫ বছৰ ধৰি চিকিৎসকৰ ৰূপ ধৰি এগৰাকীৰ পাছত এগৰাকী নাৰীৰ ওপৰত চলাই গৈছিল যৌন নিপীড়ন৷
৭৪ বছৰীয়া এই বৃদ্ধ চিকিৎসকৰ বিৰুদ্ধে ১১১ টা ধৰ্ষণ আৰু ১৮৯ টা যৌন নিপীড়নক অভিযোগ উঠিছে৷ শিশুৱেই মূলত তেওঁৰ বিকৃত কামভাৱৰ চিকাৰ হৈছে৷ স্থানীয় সংবাদমাধ্যমৰ প্ৰতিবেদনৰ পৰা জনা গৈছে যে ২৯৯ জনৰ ভিতৰত ২৫৬ গৰাকীয়েই শিশু৷ জোৱেলৰ চিকাৰৰ মাজত সকলোতকৈ কমবয়সীয়া আছিল এগৰাকী এবছৰীয়া শিশু৷ তেওঁৰ যৌন লালসাৰ হাতৰ পৰা ৰেহাই পোৱা নাছিল শিশুটিৱেও৷ ৭০ বছৰ বয়সীয়া এগৰাকী বৃদ্ধাও তেওঁৰ লালসাৰ চিকাৰ হৈছে বুলি সামাজিক মাধ্যমত প্ৰকাশ পাইছে ৰিপৰ্ট৷
২০১৭ চনত ৬ বছৰ বয়সীয়া এগৰাকী প্ৰতিবেশীক ধৰ্ষণৰ পাছত ধৃত চিকিৎসকৰ মুখা খোল খাই৷ অভিযোগ পাই পশ্চিম ফ্ৰান্সৰ আৰক্ষীয়ে জোয়েলৰ ঘৰত তালাচি চলাই হতবাক হৈ যায়৷ চিকিৎসকৰ ঘৰৰ পৰা উদ্ধাৰ হয় সংগমৰ বাবে ব্যৱহাৰ কৰা পুতলা আৰু শিশু পৰ্নগ্ৰাফীৰ চিডি৷ সকলোবোৰৰ পৰিমাণ ইমানেই বেছি আছিল যে চকু কঁপালত উঠে তদন্তকাৰী বিষয়াৰো৷
ফৰাছী আৰক্ষীয়ে জনাইছে যে তালাছিত তেওঁলোকে এখন ইলেক্ট্ৰনিক ডায়েৰিও উদ্ধাৰ কৰিছে৷ এই ডায়েৰিত প্ৰায় তিনি দশক ধৰি অঞ্চলৰ হাস্পতালসমূহত শত শত ৰোগীৰ ওপৰত কৰা যৌন নিৰ্যাতনৰ বিৱৰণ নিজেই লিপিবদ্ধ কৰি ৰাখিছে৷ এগৰাকী শিশু প্ৰতিবেশী, তেওঁৰ দুই ভগ্নী আৰু ৪বছৰীয়া এগৰাকী ৰোগীক ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ অভিযোগত স্কুয়াৰ্নেকক ২০২০ চনত ১৫ বছৰৰ কাৰাদণ্ড বিহা হয়৷ এতিয়াও কাৰাগাৰত আছে সেই ধৃত চিকিৎসক৷
আগন্তুক ২৪ ফেব্ৰুৱাৰীত ফ্ৰান্সৰ এখন আদালতত ৭৪ বছৰ বয়সীয়া স্কুয়াৰ্নেকৰ বিৰুদ্ধে ভয়াৱহ শিশু যৌন নিৰ্যাতনৰ গোচৰৰ বিচাৰপ্ৰক্ৰিয়া আৰম্ভ হৈছে৷ ২০০৫ চনত শিশু পৰ্নগ্ৰাফীৰ বাবে দোষী সাব্যস্ত হোৱা সত্ত্বেও স্কুয়াৰ্নেকে ২০১৭ চনত গ্ৰেপ্তাৰীৰ পূৰ্বলৈকে চৰকাৰী হাস্পতালত কাম কৰি আছিল৷ এই বিষয়ক লৈ দেশৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ ওচৰত কাৰণ জানিব খুজিছিল ৰয়টাৰ্ছে৷ কিন্তু ফ্ৰান্স চৰকাৰে এই সন্দৰ্ভত কোনো উত্তৰ দিয়া নাছিল ৰয়টাৰ্ছক৷
অভিযোগ অনুসৰি ১৯৮৯ চনৰ পৰা ২০১৪ চনৰ মাজত জোয়েলে যৌন নিপীড়নৰ ঘটনাসমূহ কৰি গৈছে৷ সেই সময়ত জোৱেলে পশ্চিম ফ্ৰান্সৰ কেইবাখনো হাস্পতালত কাম কৰিছিল৷ পেছা আৰু পদৰ অপব্যৱহাৰ কৰি দু’দশকৰ বেছি সময় ধৰি কুকীৰ্তি চলাই গৈছিল ধৃত জোৱেলে৷
২০০৫ চনত শিশু পৰ্নগ্ৰাফী ৰখাৰ অভিযোগত দোষী সাব্যস্ত হোৱাৰ পাছত জোৱেলক চাৰি মাহৰ কাৰাদণ্ড দিয়া হয়৷ তাৰপাছতেই ধৃত চিকিৎসক জোৱেলে কুইম্পেৰল পাব্লিক হাস্পতালত শল্য চিকিৎসকৰ চাকৰিত যোগদান কৰে৷ ২০১৭ চনত লে স্কুয়াৰ্নেকৰ ডায়েৰিৰ সন্ধান পোৱাৰ পাছত তদন্তকাৰীৰ হাস্পতালৰ ৰেকৰ্ডৰ সৈতে ডায়েৰিৰ বৰ্ণনা মিলাই সাম্ভাৱ্য নিৰ্যাতিতাক বিচৰাৰ প্ৰক্ৰিয়া আৰম্ভ হয়৷ কিন্তু তথ্য লাভ নকৰিলে৷ কাৰণ ৰোগী অজ্ঞান থাকোতেই এই কুকৰ্ম কৰিছিল ধৃত চিকিৎসকে৷
এগৰাকী ৰোগীৰ কথা ৰয়টাৰ্ছৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে৷ ২০০৭ চনত মেথিছ ভিনেটৰ বয়স যেতিয়া ১০ বছৰ, তেতিয়াই এবাৰ তেওঁৰ প্ৰচণ্ড পেটৰ বিষ গৈছিল৷ তেতিয়াই পিতৃয়ে তেওঁক কুইম্পেৰেল হাস্পতাললৈ লৈ যায়৷ নিশা ভৰ্তি কৰোৱা হয় হাস্পতালত৷ সেই সময়ত তাতেই আছিল জোৱেল৷ তাতেই জোৱেলে কৰি পেলাই কুকৰ্ম৷ আদালতৰ নথি অনুসৰি স্কুয়াৰ্নেকে তেওঁৰ ডায়েৰিত দিনৰ পাছত দিন ধৰি কেনেকৈ একোগৰাকী শিশুক যৌন নিৰ্যাতন কৰিছিল সেই কথাও লিপিবদ্ধ কৰিছে৷ প্ৰতিবাৰেই ৰোগীৰ যৌনাংগ অনুপযুক্তভাৱে স্পৰ্শ কৰিছিল চিকিৎসক জোৱেলে৷ এই কথা নিজেই জনাইছে জোৱেলে৷
ৰোলেণ্ড ভিনেটে জনাইছে যে হাস্পতালৰ পৰা ওভতাৰ পাছত মেথিছ আৰু পূৰ্বৰ দৰে নাছিল৷ পৰবৰ্তী জীৱনত মাদকাসক্তিত ডুবিছিল ভিনেট৷ আৰক্ষীৰ ওচৰত দিয়া তথ্যত তেওঁ নিৰ্যাতনৰ সকলো তথ্যই স্পষ্টভাৱে জনাইছিল৷ সংবাদসংস্থা এ এফ পিয়ে জনাইছে যে ২৪ ফেব্ৰুৱাৰীত এক আদালতত জোৱেলৰ বিচাৰ আৰম্ভ হৈছে৷ জোৱেলৰ বিৰুদ্ধে সাক্ষীসকলৰ সাক্ষ্য গ্ৰহণ কৰা হ’ব বন্ধ দুৱাৰৰ ভিতৰত৷ যিসকলে সাক্ষ্য দিব তাৰ বেছিভাগেই শিশু বয়সত জোৱেলৰ নিপীড়নৰ চিকাৰ হৈছে৷ যদি জোৱেল দোষী সাব্যস্ত হয় তেন্তে কাৰাদণ্ডৰ ম্যাদ সৰ্বোচ্চ ২০ বছৰ হ’ব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ