মুখ্যমন্ত্ৰীৰ অভিযোগ স্বীকাৰ, ‘মই পাকিস্তানলৈ গৈছিলো, পত্নীয়ো গৈছিল, চাকৰিয়ো কৰিছিল’
আজি ২৮ মে’ তাৰিখ বুধবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ নৱ-নিৰ্বাচিত সভাপতি গৌৰৱ গগৈয়ে নিজ মুখেৰেই স্বীকাৰ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ। নিজেই স্বীকাৰ কৰি কয় – মই পাকিস্তানলৈ গৈছিলো। মোৰ পত্নীয়ো গৈছিল। আনকি মোৰ পত্নীয়ে তাত চাকৰিয়ো কৰিছিল।
দিল্লীত অনুষ্ঠিত কৰা এক সংবাদমেল যোগে এই কথা স্বীকাৰ কৰে গৌৰৱ গগৈয়ে। গগৈয়ে নিজে সংবাদমেলক কয় যে, ‘২০১৩ চনত মই পাকিস্তানলৈ গৈছিলো’, ‘ভাৰত চৰকাৰৰ নিয়ম অনুসৰি মই পাকিস্তানলৈ গৈছিলো’।
লগতে পত্নীৰ পাকিস্তান সম্পৰ্ক সন্দৰ্ভত কয় যে, ‘২০১১ চনত মোৰ পত্নী পাকিস্তানত ১ বছৰ আছিল’। পত্নীয়ে পাকিস্তানত চাকৰি কৰাৰ কথাও স্বীকাৰ কৰিলে গৌৰৱ গগৈয়ে।
কি চাকৰি কৰিছিল, সেই সন্দৰ্ভত কয় যে, – পাকিস্তানৰ NGOত কাম কৰিছিল মোৰ পত্নীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















