অসম লাইভ২৪ঃ বিগত কিছুদিন ধৰি সূৰ্যক কেন্দ্ৰ কৰি এটাৰ পাছত আনটো সতৰ্কবাণী দিছে নাছাই। আমেৰিকাৰ মহাকাশ গৱেষক সংস্থাই এই সতৰ্কবাণী সত্য প্ৰমাণিত হৈ পৃথিৱীৰ গাত ধাক্কা মাৰিছে সৌৰধুমুহাই। সৌৰধুমুহাৰ ফলত সূৰ্যৰ জ্বলন্ত পদাৰ্থ চৌদিশে ছিটিকি পৰিছে। সূৰ্যৰ পৰা ছিটিকি অহা বিচ্ছুৰিত সৌৰপদাৰ্থই খুন্দা মাৰিছে পৃথিৱীৰ চুম্বকীয় তৰংগত। যাৰ ফলত কিছু ক্ষয়ক্ষতিও হৈছে বুলি জনাইছে বিজ্ঞানীয়ে।
আমেৰিকাৰ নেশ্ব্যনেল ওছেনিক এণ্ড এটমোস্ফিক এডমিনিষ্ট্ৰেছন চমুকৈ নোৱাৰ তৰফৰ পৰা জনোৱা অনুসৰি সৌৰজগতৰ বিচ্ছুৰিত পদাৰ্থই খুন্দা মৰাৰ ফলত পৃথিৱীৰ চুম্বকীয় তৰংগত কম্পনৰ সৃষ্টি হৈছে। দেওবাৰে নিশাৰ পৰা ভূ-চুম্বকীয় ধুমুহা আৰম্ভ হৈছে। সোমবাৰে অৰ্থাৎ আজিও এই সৌৰধুমুহা অব্যাহত আছে। ইয়াৰ ফলত একাধিক দেশত দেখা গৈছে অভিনৱ মেৰুজ্যোতি। ইউৰূপৰ বিভিন্ন দেশত দেওবাৰে নিশাৰ আকাশত দেখা গৈছে মেৰুজ্যোতি। মহাজাগতিক আলোক দেখা গৈছে আকাশত। দক্ষিণ ইউৰূপ, ফ্ৰান্সতো এই মেৰুজ্যোতি দেখা গৈছে। চীনৰ আকাশতো উজ্জ্বল ৰঙা ৰঙৰ পোহৰ দেখিবলৈ পোৱা গৈছে। বাৰ্লিনৰ আকাশত দেখা গৈছে ডাঠ সেউজীয়া ৰঙৰ পোহৰ। এনে দৃশ্য পূৰ্বে কেতিয়াও দেখা পোৱা নাছিল বুলি দাবী কৰিছে স্থানীয় বাসিন্দাসকলে। এই দৃশ্যৰ সাক্ষী হৈছে পোলেণ্ডৰ বাসিন্দাও।
সূৰ্যৰ কেন্দ্ৰৰ পৰা প্লাজমা আৰু চৌম্বকীয় তৰংগৰ বিস্ফোৰণৰ ফলতেই এই বিস্ফোৰণ সংঘটিত হয়। ইয়াৰ ফলত কোটি কোটি সৌৰপদাৰ্থৰ কণা চাৰিওফালে চিটিকি পৰে। এই বিস্ফোৰিত সৌৰপদাৰ্থ কণাসমূহ মহাকাশত ঘণ্টাক ৩০লাখ কিঃমিঃ বেগত পৰিবাহিত হয়। সেই পদাৰ্থসমূহ পৃথিৱীৰ ফালে আগুৱাই আহিলে বিপদৰ সম্ভাৱনা বাঢ়ি যায়। এই আকাংক্ষাতেই সতৰ্কতা জাৰি কৰিছে নাছাই। সৌৰ ধুমুহাৰ ফলত পৃথিৱীৰ কি কি ক্ষতি হ’ব পাৰে সেই কথাও প্ৰকাশ কৰিছে বিজ্ঞানীয়ে।
নাছাৰ বিজ্ঞানী আৰু গৱেষকসকলে জনোৱা অনুসৰি ইয়াৰ ফলত পৃথিৱীত বৈদ্যুতিন আৰু চৌম্বকীয় ক্ষেত্ৰত নানান ধৰণৰ ব্যাঘাত জন্মিব পাৰে। নাছাৰ বিজ্ঞানীসকলৰ মতে, সৌৰধুমুহাৰ ফলত পৃথিৱীত চৌম্বকীয় ক্ষেত্ৰত ফাঁট মেলিব পাৰে। যাৰ প্ৰভাৱত জিপিএছ সাময়িকভাৱে বিচ্ছিন্ন হৈ পৰিব পাৰে। সৌৰধুমুহা কেইবাদিনলৈ অব্যাহত থাকিলে এই প্রভাৱ দীৰ্ঘস্থায়ীও হ’ব পাৰে।
বিজ্ঞানীয়ে লগতে কয়, এই সৌৰধুমুহাৰ ফলত পৃথিৱীত ইণ্টাৰনেট সংযোগ বিচ্ছিন্ন হ’ব পাৰে। মোবাইলত নেটৱাৰ্কো দূৰ্বল হৈ পৰিব পাৰে। কোনো কোনো স্থানত নেটৱৰ্কো বিচ্ছিন্ন হ’ব পাৰে। ভূ-চুম্বকীয় ধুমুহাৰ ফলত পৃথিৱীত বিদ্যুৎ বিভ্ৰাটৰ সম্ভাৱনাও আছে বুলি জনাইছে বিজ্ঞানীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ