কৰ্ণাটকৰ মাঙ্গালুৰুৰ এটা অতি আমোদজনক লগতে চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে৷ ঘটনাটো যোৱা দেওবাৰে অৰ্থাৎ ১৪ আগষ্টত মাঙ্গালুৰুৰ পৰা মুম্বাই অভিমুখী এখন ইণ্ডিগ’ বিমানত সংঘটিত হয়৷ আৰু উক্ত ঘটনাটোৰ বাবে সংশ্লিষ্ট বিমানখনৰ উৰণ ৬ ঘণ্টা বিলম্ব ঘটে৷
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা ঘটনা অনুসৰি মাঙ্গালুৰু পৰা মুম্বাই অভিমুখী এখন ইণ্ডিগ’ বিমানত এহাল যুৱক-যুৱতী উঠিছিল৷ যুৱকজন মুম্বাই আৰু যুৱতীগৰাকীয়ে বাঙ্গালুৰুলৈ যাত্ৰা কৰাৰ কথা আছিল৷ দুয়ো বন্ধু-বান্ধৱী আছিল৷ দুয়োজনে বিমানখনত ধেমালিতে নিৰাপত্তাজনিত বিষয়ৰ কথা হাঁহি তামাছা কৰি আছিল৷
দুয়ো বন্ধু-বান্ধৱীৰ ধেমালি কথা-বতৰাৰ মাজে মাজে যুৱকজনে প্ৰেমিকালৈ হোৱাটছএপত মেচেজ কৰিও আছিল৷ আৰু তেওঁলোকৰ সকলো আদৱ-কায়দা যুৱকজনৰ কাষৰ সহযাত্ৰীগৰাকীয়ে নিৰীক্ষণ কৰি আছিল৷
লগতে পঢ়ক মুকেশ আম্বানীৰ পৰিয়াললৈ তিনিটাকৈ মৃত্যুৰ ভাবুকি! কোনে দিলে এই ভাবুকি?
ঠিক তেনেতে ১৮৫ গৰাকী যাত্ৰীৰে ভৰি থকা বিমানখনত ঘটিল চাঞ্চল্যৰ সৃষ্টি কৰা ঘটনাটো৷ যুৱকজনৰ হোৱাটছএপত সিটো মূৰৰ পৰা মেচেজ কৰি থকা প্ৰেমিকাই এটা মেচেজ প্ৰেৰণ কৰে৷ মেচেজটোত লিখা হৈছিল ‘তুমি বা বোমাৰু…!’
১৪ বি চিটত বহি থকা সহযাত্ৰীজনে দেখিলে যে ১৩এ চিটত বহি থকা যুৱজনলৈ ‘তুমি বা বোমাৰু…’ বুলি এটা মেছেজ আহিছে। মেচেজটো দেখা লগে লগে যাত্ৰীজনে যুৱকজনক বোমাৰু নেকি বুলি শংকিত হৈ এই বিষয়ে ক্ৰু সদস্যসকলক অৱগত কৰে।
ইয়াৰ লগে লগে বিমানখনৰ ভিতৰত চাঞ্চল্যৰ সৃষ্টিৰ লগতে হুলস্থূল হ’বলৈ আৰম্ভ কৰে৷ আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰা হয় আৰু যুৱক-যুৱতীহালক আৰক্ষীয়ে আটক কৰি কে’বাঘণ্টা ধৰি জেৰা চলায়৷
লগতে পঢ়ক আত্মনিৰ্ভৰশীল ভাৰত! স্বাধীনতা দিৱসত প্ৰথমবাৰ লালকিল্লাত দেশত নিৰ্মিত বন্দুকৰ গৰ্জন
ইফালে এই ঘটনাৰ বাবে বিমানখনৰ উৰণ বিলম্বই নহয় প্ৰায় ৬ ঘণ্টালৈ বন্ধ ৰাখি বিমানখনত থকা ১৮৫ গৰাকী যাত্ৰীৰ সকলো লাগেজ নিৰাপত্তাৰক্ষীয়ে তন্নতন্নকৈ পৰীক্ষা কৰে৷ অৱশ্যে আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে যুৱক-যুৱতীহালৰ পৰা কোনো আপত্তিজনক সামগ্ৰী আৰু তথ্য লাভ কৰিবলৈ সক্ষম নহ’ল৷
সংশ্লিষ্ট বিমানখনে প্ৰায় ৬ ঘণ্টাৰ পিছত সন্ধিয়া ৫ বজাত মুম্বাই অভিমুখে উৰা মাৰে৷ অৱশ্যে যুৱকগৰাকীৰ লগতে যুৱতীগৰাকীও বিমানত উৰা মাৰিব নোৱাৰিলে৷ আৰক্ষীয়ে দুয়োকে যাত্ৰা কৰিবলৈ নিদিলে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















