অসম লাইভ২৪ঃ গীতাত থকা দৰ্শনেই শ্ৰেষ্ঠ দৰ্শন বুলি কোৱা হয়। প্ৰতিজন মানুহেই সেই দৰ্শনেৰে পৰিচালিত হ’লে জীৱনত সফল হোৱাৰ বাট মসৃণ হৈ পৰে। হিন্দুধৰ্মৰ অন্যতম গুৰুত্বপূৰ্ণ গ্ৰন্থ শ্রীমদভগবত্ গীতাত ধৰ্ম, কৰ্ম আৰু প্ৰেমৰ শিক্ষা দিয়া হৈছে। গীতাৰ বাণীয়ে কেৱল আমাৰ জীৱনদৰ্শনতেই গুৰুত্বপূৰ্ণ এনে নহয়। মৃত্যুৰ পৰবৰ্তী সময়তো ইয়াৰ সমানেই গুৰুত্ব আছে। কাৰণ গীতাত কেৱল এবাৰ জন্মৰ কথাই কোৱা নাই।গীতাই চিৰম্তৰ আত্মাৰ কথাও কয়। মহাভাৰতৰ কুৰুক্ষেত্ৰৰ যুদ্ধৰ ঠিক আগে আগে সংশয়ত দোধোৰমোধোৰ হৈছিল তৃতীয়া পাণ্ডৱ অৰ্জুন। নিজৰ আত্মীয়সকলৰ বিৰুদ্ধে যুদ্ধ কৰিব নোৱাৰো বুলি অস্ত্ৰও নমাই দিছিল অৰ্জুনে। সেই সময়তেই শ্ৰীকৃষ্ণই অৰ্জুনক দিছিল বিশেষ উপদেশ।
গীতাত শ্ৰীকৃষ্ণই দিয়া উপদেশ
শ্ৰীকৃষ্ণই উপদেশ দিছিল, ‘হে অৰ্জুন, মানুহে জীৱনত যি বিচাৰে সেয়া অৰ্জন কৰিব পাৰে। যদি নিজৰ লক্ষ্যৰ কথা শয়নে সপোনে অবিৰামভাৱে বিচাৰে, নিজৰ ওপৰত বিশ্বাস ৰাখে, লক্ষ্যত অটল থাকে তেন্তে সফল হ’বই।’ শ্ৰী মদ ভাগৱৎ গীতাত থকা অনুসৰি আমাৰ সকলোতকৈ ডাঙৰ প্ৰেৰণাই হ’ল আমাৰ চিন্তা ভাৱনা। সেয়ে মনক সদায় ক’ব লাগে, ‘মই পাৰিমেই।’
শ্ৰীকৃষ্ণই কৈছে, ‘খুব খং উঠিলে সেয়া কমাবলৈ নিজেই যত্ন কৰিব লাগে। খঙত কোনো কথা বা কাম কৰিব নালাগে। ভুল কৰিলে নিজৰ মূৰ তল কৰি দিব নালাগে। নিজৰ দোষ স্বীকাৰ কৰিব পাৰিলেই পৃথিৱীৰ বহু ডাঙৰ সমস্যাই সমাধান হৈ পৰিব।’
গীতাত কোৱা হৈছে যে, যিসকল ব্যক্তিয়ে কাৰণ নোহোৱাকৈ আপোনাক কষ্ট দিয়ে তেওঁলোকে উভতাই শাস্তি পাবই। আপুনি সৌভাগ্যশালী হ’লে সেই ব্যক্তিয়ে শাস্তি পোৱা আপুনি নিজ চকুৰেই দেখিব।
গীতাত শ্ৰী কৃষ্ণই কৈছে, যেতিয়া কোনো ব্যক্তিৰ প্ৰয়োজন সলনি হয় তেতিয়া তেওঁৰ ব্যৱহাৰ আৰু কথাবাৰ্তাও সলনি হৈ যায়।
শ্ৰীকৃষ্ণৰ বাণী অনুসৰি, পৰিবৰ্তনেই হ’ল এই জগতৰ একমাত্ৰ সত্য। এই পৃথিৱী সততে পৰিবৰ্তনশীল। আপুনি মৃত্যুক লৈ যি ভাৱে সেয়া প্ৰকৃততে জীৱনেই। সেয়ে আত্ম-চিন্তা ত্যাগ কৰা উচিত, সৰু-ডাঙৰ, আপোন-পৰ সকলো ভেদাভেদেই পাহৰি যাওক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















