অসম লাইভ ২৪ঃ জাতীয়তবাদৰ নামত ঠাইয়ে ঠাইয়ে দাবী হুমকি দি অহা বীৰ লাচিত সেনাৰ বিৰুদ্ধে অৱশেষত আৰক্ষীয়ে কঠোৰ হ’বলৈ বাধ্য হৈ পৰিল৷
সোমবাৰে গোলাঘাট আৰক্ষীয়ে অতপালি চৰি যোৱা বীৰ লাচিত সেনা, অসমৰ ৭ গৰাকীক সদস্যক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে৷
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বীৰ লাচিত সেনাৰ সদস্যকেইজন হৈছে ক্ৰমে দ্বীপেন গগৈ, দীপজ্যোতি তালুকদাৰ, তৰুণ লাহন, ৰিণ্টু গগৈ, জয়ন্ত গগৈ, দ্বীপেন গগৈ(খনিকৰ গাঁও) আৰু গুণ হাজৰিকা।
অভিযোগ অনুসৰি দেওবাৰে বীৰ লাচিত সেনাৰ সদস্যসকলে সৰুপথাৰ নগৰৰ মাজমজিয়াত থকা MI মবাইল শ্ব’ৰুমটোত সোমাই দাবী ধমকি দি চাটাৰ বন্ধ কৰি তলা লগাই দিছিল। ইয়াৰ পিছতে শ্ব’ৰুমটোৰ স্বত্বাধিকাৰীয়ে স্থানীয় আৰক্ষী থানাত অভিযোগ দাখিল কৰে আৰু উক্ত অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে সোমবাৰে বীৰ লাচিত সেনাৰ উক্ত ৭ গৰাকী সদস্যক গ্ৰেপ্তাৰ কৰিছে৷
বীৰ লাচিত সেনাৰ গ্ৰেপ্তাৰ হোৱা সদস্যকেইজনক আৰক্ষীয়ে সোমবাৰে বিয়লি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে৷ ইফালে বীৰ লাচিত সেনাৰ ৭ সদস্যক গ্ৰেপ্তাৰ কৰাকলৈ সৰুপথাৰ আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয়।
আনহাতে, বীৰ লাচিত সেনাৰ সদস্যসকলে প্ৰকাশ কৰা অনুসৰি দোকানখনৰ স্বত্বাধিকাৰীগৰাকীয়ে এজন কৰ্মচাৰীক ৩ মাহ ধৰি দৰমহা নিদিয়াকৈ আছিল৷ উক্ত ভুক্তভোগী কৰ্মচাৰীজনে এই কথা বীৰ লাচিত সেনাক অৱগত কৰাত দেওবাৰে বীৰ লাচিত সেনাৰ সদস্যসকলে MI মবাইলৰ শ্ব’ৰুমটো গৈ তলা লগাই বন্ধ কৰি দিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















