বৈদিক জ্যোতিষত কোৱা হৈছে যে, নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে প্ৰতিটো গ্ৰহৰ ৰাশি আৰু নক্ষত্ৰমণ্ডলৰ পৰিৱৰ্তন ঘটে। যেতিয়াই ৯ গ্ৰহৰ গতিৰ পৰিবৰ্তন ঘটে তেতিয়াই ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ মানৱ জীৱনত পৰে। ৯ গ্ৰহৰ ভিতৰত শনি আৰু ৰাহুক আটাইতকৈ শক্তিশালী গ্ৰহ বুলি গণ্য কৰা হয়। ছয় বছৰৰ পিছত শনি আৰু ১৮ মাহৰ পিছত ৰাহুৱে ৰাশি সলনি কৰে। কিন্তু ইয়াৰ মাজতে দুয়োটা গ্ৰহৰ নক্ষত্ৰমণ্ডলৰ কেইবাবাৰো পৰিৱৰ্তন ঘটে।
জ্যোতিষ তথ্য অনুসৰি ২০২৪ চনৰ ৫ জুলাইত ৰাহুৱে উত্তৰ ভদ্ৰপদ নক্ষত্ৰত প্ৰৱেশ কৰিছে। য’ত ২০২৫ চনৰ মাৰ্চ মাহলৈকে থাকিব। শনি বৰ্তমান শতভিষা নক্ষত্ৰত আছে। ২০২৫ চনলৈ তাতেই থাকিব শনি। এই পৰিবৰ্তনৰ ফলতেই ৰাজযোগ গঢ়ি উঠিছে। বহু বছৰৰ মূৰত গঠিত পৰিবৰ্তনে কোন কোন ৰাশিক প্ৰভাৱিত কৰিব?
মেষ ৰাশি
এই পৰিবৰ্তন মেষ ৰাশিৰ লোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব। ব্যৱসায়ীসকলৰ বাকী থকা কাম সম্পূৰ্ণ হ’ব। এই সময়ত আপুনি ধন উপাৰ্জনৰ ডাঙৰ সুযোগ পাব। কৰ্মৰত লোকে কাৰ্যালয়ৰ কামত বহিঃৰাজ্যলৈ যোৱাৰ সুযোগ পাব পাৰে। কৰ্মসংস্থাপন বিচৰা লোকৰ সমস্যা শীঘ্ৰে শেষ হ’ব। বিবাহিত দম্পতীয়ে একেলগে সময় কটোৱাৰ বহু সুযোগ পাব, যাৰ ফলত তেওঁলোকৰ সম্পৰ্ক শক্তিশালী হ’ব।
তুলা ৰাশি
শনি আৰু ৰাহুৰ স্থান পৰিবৰ্তন তুলা ৰাশিৰ লোকৰ বাবে উপকাৰী৷ ব্যৱসায়ীসকলৰ কামে গতি লাভ কৰিব, যাৰ ফলত অনাগত দিনত বিপুল লাভ হ’ব। কৰ্মত নিয়োজিত লোকৰ আয় বৃদ্ধিয়ে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা টনকীয়াল কৰিব। বিবাহিত লোকে নিজৰ সংগীৰ সৈতে দুদিনৰ পৰা তিনিদিনলৈ ভ্ৰমণলৈ যাব পাৰে। যিসকলে এতিয়াও চাকৰি পোৱা নাই তেওঁলোকে দুমাহৰ পৰা তিনিমাহৰ ভিতৰত ভাল খবৰ পাব পাৰে।
কুম্ভ ৰাশি
ৰাহু আৰু শনিৰ স্থান পৰিবৰ্তন কুম্ভ ৰাশিৰ বাবেও লাভজনক। মন সুখী হৈ থাকিব। ইয়াৰ উপৰিও ব্যৱসায়তো ভাল লাভৰ সম্ভাৱনা আছে। কৰ্মত নিয়োজিত লোকৰ দৰমহা যথেষ্ট বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বিবাহিত মানুহৰ জীৱনত সুখ থাকিব, যাৰ বাবে ঘৰৰ পৰিবেশো ভাল হৈ থাকিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















