মননশীল গল্পকাৰ ডাঃ নমিতা বৈশ্যৰ প্ৰথমখন উপন্যাস ‘হালধীয়া ঘেঁহুৰ পথাৰ আৰু এজাক কাউৰী’য়ে পঢ়ুৱৈৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেখেতৰ প্ৰথমখন গল্প সংকলন ‘ছাঁ আৰু কিছু গল্প’ই ইতিমধ্যে পাঠক-সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। মানুহৰ অন্তৰ্জগত আৰু জটিল মনঃস্তত্ত্বক বিষয়বস্তু হিচাপে লৈ ৰচিত ‘হালধীয়া ঘেঁহুৰ পথাৰ আৰু এজাক কাউৰী’ শীৰ্ষক উপন্যাসখন প্ৰকাশ কৰিছে আঁক-বাঁক প্ৰকাশনে।
এটি সপোনৰ আঁত ধৰি উপন্যাসখনৰ কাহিনীভাগ আগবাঢ়িছে। এটি অগতানুগতিক কাহিনী, নিৰ্মোহ আৰু পুৰঠ প্ৰকাশভংগী উপন্যাসখনৰ প্ৰধান উপজীৱ্য। অসম গ্ৰন্থমেলাত উপলব্ধ হোৱা উপন্যাসখন যোৱা ৩ জানুৱাৰীত উন্মোচন কৰে বিশিষ্ট গল্পকাৰ অপূৰ্ব কুমাৰ শইকীয়া, প্ৰকাশ আলোচনীৰ সম্পাদক মিহিৰ দেউৰী আৰু গল্পকাৰ-ঔপন্যাসিক গীতালি বৰাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ