হাৰ্দিক-নতাশা ডিভোৰ্ছ, ফুটা কড়িয়ো নাপায় নতাশাই, হাৰ্দিকে কৰি থৈছে অতিকে বুদ্ধিৰ কাম
ব্যক্তিগত জীৱনক লৈ চিন্তিত ভাৰতীয় ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়া। খবৰ অনুসৰি হাৰ্দিক আৰু তেওঁৰ পত্নী নাতাশা ষ্টেনকভিচৰ বিবাহ বিচ্ছেদ হ’বলৈ ওলাইছে। পাণ্ডিয়াৰ সম্পত্তিৰ ৭০ শতাংশ নাতাশাই পাব বুলিও খবৰ সকলোতে বিয়পি পৰিছে। কিন্তু ক্ষেত্ৰত আন এক তথ্যহে পোহৰলৈ আহিছে।
যদিহে এনে হয়, তেন্তে নতাশাই হাৰ্দিকৰ পৰা ফুটা কড়ি এটাও লাভ নকৰে। হাৰ্দিকৰ এটা পুৰণা সাক্ষাৎকাৰ বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। এটা সাক্ষাৎকাৰৰ সময়ত হাৰ্দিকে কৈছিল যে তেওঁৰ প্ৰায় সকলো সম্পত্তি ঘৰ-গাড়ী আদি মাকৰ নামত আছে। যদি এনেকুৱা হয় তেন্তে নাতাশাই একো নাপাব।
পাণ্ডিয়া আৰু নতাশাৰ ডিভোৰ্ছৰ খবৰ ওলোৱাৰ পাছতে সম্পত্তিক লৈ বহু প্ৰশ্ন উত্থাপন হৈছিল। বহু লোকেই কৈছিল এতিয়া নাতাশাই ডিভোৰ্চ ল’লে কোটিপতি হাৰ্দিকৰ পৰা ৭০ শতাংশ সম্পত্তি লৈ যাব। কিন্তু তাৰ বিপৰীতে এটা ভিডিঅ’ ভাইৰেল হৈ আছে।
ভাইৰেল হৈ থকা ভিডিঅ’টোত পাণ্ডিয়াই নিজৰ সম্পত্তিৰ কথা কোৱা দেখা গৈছে। ভিডিঅটোত হাৰ্ডিকে কৈছে, “মাৰ নামত দেউতাৰ একাউণ্টত আছে। দাদাৰো সম্পত্তি আছি মাৰ নামত। মোৰ গাড়ী, মোৰ ঘৰ সকলো মাৰ নামত আছে। মই মোৰ নামত একো নলওঁ। আগলৈ গৈ মই কাকো ৫০ শতাংশ সম্পত্তি কাকো দিব নিবিচাৰো। মোৰ কিবা হ’লে ৫০ শতাংশ সম্পত্তি নাযায়।’
যদি এনেকুৱা হয় তেন্তে নাটাছাই একো নাপাব। মাতৃৰ নামত সম্পত্তি থকাটো হাৰ্দিকৰ বাবে এতিয়া ট্ৰাম্প কাৰ্ড হিচাপে আহি পৰিছে।
উল্লেখ্য যে, পাণ্ডিয়া কোটি কোটি মূল্যৰ সম্পত্তিৰ মালিক, ভাৰতীয় ক্ৰিকেট দলৰ সদস্য হোৱাৰ উপৰিও আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলি আছে। মুম্বাইয়ে তেওঁক ১৫ কোটি টকা দৰমহা হিচাপে দিয়ে। বিজ্ঞাপনৰ জৰিয়তেও পাণ্ডিয়াই কোটি টকা উপাৰ্জন কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ